নতুন ৰাষ্ট্রীয় শিক্ষানীতি প্রৱর্তনকে ধৰি বিভিন্ন পদক্ষেপেৰে দেশৰ শিক্ষাখণ্ডক অগ্রগামী গতি প্রদানৰ লক্ষ্য লোৱাৰ সময়তে এক উদ্বেগজনক ছবি উন্মোচিত হৈছে৷ ২০২৪–২৫ শৈক্ষিক বর্ষত বিভিন্ন ৰাজ্যত প্রায় ৮ হাজাৰ বিদ্যালয়ত নামভর্তি নকৰিলে কোনো এজন শিক্ষার্থীয়ে৷ অথচ এই বিদ্যালয়সমূহত নিয়োজিত হৈ আছে ২০,৮১৭জন শিক্ষক৷ ছাত্র–ছাত্রীক পাঠদান নকৰাকৈয়ে ৰাজকোষৰ পৰা তেওঁলোকে নিয়মিতভাৱে দৰমহাও লাভ কৰি আহিছে৷ দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে এনেধৰণৰ অনাকাংক্ষিত তথ্য জনমানসত স্পষ্ট কৰিছে খোদ কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ পৰিসংখ্যাই৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ২০২৪–২৫ শৈক্ষিক বর্ষত দেশত ছাত্র–ছাত্রীশূন্য বিদ্যালয়ৰ সংখ্যা হ’ল ৭,৯৯৩খন৷ এনেধৰণৰ সর্বাধিকসংখ্যক ৩,৮১২খন বিদ্যালয়ৰে শীর্ষস্থানত আছে পশ্চিমবংগ৷ এই বিদ্যালয়সমূহত মুঠ ১৭,৯৬৫জন শিক্ষক কর্মৰত হৈ আছে৷ পশ্চিমবংগৰ পিছতে এইক্ষেত্রত দ্বিতীয় আৰু তৃতীয় স্থানত থকা ৰাজ্য দুখন হৈছে ক্রমে তেলেংগানা আৰু মধ্যপ্রদেশ৷ তেলেংগানাত ২,২৪৫খন বিদ্যালয়ত কোনো ছাত্র–ছাত্রী নাই৷ কিন্তু ছাত্র–ছাত্রীয়ে নামভর্তি নকৰিলেও এই বিদ্যালয়সমূহত ১,০১৬ শিক্ষক নিয়োজিত হৈ আছে৷ সেইদৰে মধ্যপ্রদেশত শিক্ষার্থী নথকা ৪৬৩খন বিদ্যালয়ত কর্মৰত শিক্ষকৰ সংখ্যা হৈছে ২২৩জন৷
লক্ষণীয়ভাৱে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে ইয়াৰ বাবে দায় ঠেলিব বিচাৰিছে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক৷ এই সন্দর্ভত ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত শিক্ষা মন্ত্রালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দিয়া হৈছে এইদৰে– বিদ্যালয় শিক্ষা ৰাজ্য চৰকাৰৰ বিষয়৷ সেয়েহে বিদ্যালয়ত শিক্ষার্থীয়ে নামভর্তি নকৰা বা শূন্য হোৱাৰ দিশত যথাযথ পদক্ষেপ গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক পৰামর্শ দিয়া হৈছে৷ অৱশ্যে দেশৰ সকলো ৰাজ্যৰ ক্ষেত্রত দৃশ্যপট একে নহয়৷ অসমৰ বাবে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ এই সম্পর্কীয় পৰিসংখ্যা ইতিবাচক ৰূপে চিহ্ণিত হৈছে৷ কিয়নো ২০২৪–২৫ শৈক্ষিক বর্ষত অসমত ছাত্র–ছাত্রীশূন্য বিদ্যালয় এখনো নাই৷ অনুৰূপ ধৰণে নাগালেণ্ড, ত্রিপুৰা, ছিকিম, হাৰিয়ানা, মহাৰাষ্ট্র, গোৱা, হিমাচল প্রদেশ আৰু ছত্তিশগড়ৰো সকলো বিদ্যালয়তে উক্ত শৈক্ষিক বর্ষটোত ছাত্র–ছাত্রী আছিল৷ তদুপৰি কেন্দ্রীয়শাসিত অঞ্চল দিল্লী, পুডুচেৰী, লাক্ষাদ্বীপ, দাদৰা নগৰ হাভেলী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড় আৰু দমন–দিউতো নাই এখনো ছাত্র–ছাত্রী নথকা বিদ্যালয়৷
আধাতে বিদ্যালয় এৰা বা ছাত্র–ছাত্রীয়ে নামভর্তি নকৰা বিষয়টোক বিগত সময়ছোৱাত কেন্দ্রীয় চৰকাৰে যথেষ্ট গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ তাৰ মাজতে শিক্ষা মন্ত্রালয়ৰ পৰিসংখ্যাত এই অনাকাংক্ষিত তথ্য স্পষ্ট হোৱাৰ পাছত এতিয়া বিষয়টো সন্দর্ভত কেন্দ্রীয় চৰকাৰে কেনেধৰণৰ কার্যকৰী পদক্ষেপ লয়, সেয়া লক্ষণীয় হ’ব৷
ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ