কাছাৰত স্কুটী-বাইকৰ মুখামুখি সংঘৰ্ষ : স্কুটী আৰোহী যুৱতীৰ মৃত্যু
শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ জুজাঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ স্কুটী আৰোহী আৰু বাইকৰ মুখামুখি সংঘৰ্ষত স্কুটী আৰোহী যুৱতী এগৰাকীৰ মৃত্যু হয়। মৃত যুৱতীগৰাকীৰ নাম ৰোজলিনা মাৰ। ঘৰ কাছাৰৰ জিৰিঘাট চাইৰন পুঞ্জীত।
জানিব পৰা মতে, আত্মীয়ৰ স্কুটীৰ পিছপিনে বহি যুৱতীগৰাকী ফুলেৰতলৰ পৰা জিৰিঘাট অভিমুখে যোৱাৰ সময়ত জুজাং অঞ্চলত সন্মুখৰ পৰা অহা এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় স্কুটীখনৰ।
ভয়ংকৰ এই দুৰ্ঘটনাত ৰাজপথত বাগৰি পৰে স্কুটীত থকা যুৱতীসহ আৰু এক আৰোহী। আৰু সেই সময়ত পিছপিনৰ পৰা অহা এখন ট্ৰাকৰ চকাৰ তলত পৰি থিতাতে মৃত্যু ঘটে ৰোজলিনা মাৰ নামৰ স্কুটী আৰোহী যুৱতীগৰাকীৰ।
ইমানে ভয়াৱহ দুৰ্ঘটনা আছিলে যে ট্ৰাক চকাৰ তলত পৰি যুৱতীগৰাকীৰ দেহ দুই ভাগত বিভক্ত হৈ যায়। ঘটনাৰ পাছত আৰক্ষী উপস্থিত হৈ ক্ষতবিক্ষত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ