কলিয়াবৰত ৩২,৪৮২ মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ
অসমৰ মহিলা সমাজ শক্তিৰ অফুৰন্ত ভঁৰাল, মাথোঁ তেওঁলোকক আগবাঢ়ি যাবৰ বাবে পৰিয়াল, সমাজ আৰু চৰকাৰৰ সমর্থনৰ প্রয়োজন
মহিলা সবলীকৰণৰ দিশত ৰাজ্যত সূচনা হোৱা ৰূপান্তৰকাৰী যাত্রা অব্যাহত ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ সর্বমুঠ ৩২৪৮২ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে৷
এই উপলক্ষে কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামত আয়োজিত বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ডঙ্ম শর্মাই কয় যে ৰাজ্যত আজিৰ তাৰিখত প্রায় ৪ লাখ আত্মসহায়ক গোট আছে৷ কলিয়াবৰ সমষ্টিতো প্রায় চাৰি হাজাৰ আত্মসহায়ক গোট গঠন কৰা হৈছে৷
আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে পূর্বৰেপৰা বিভিন্ন ব্যৱস্থা হাতত লৈ অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰিভলভিং ফাণ্ড, বেংক ঋণ, চিএলএফ, ভি, জীৱিকা সখী, বেংক সখী আদি বিভিন্নধৰণৰ ব্যৱস্থাৰে এই গোটসমূহৰ সৈতে জডিত মহিলাসকলক সহায়ৰ বাবে চৰকাৰে প্রচেষ্টা চলাই আহিছে৷
আত্মসহায়ক গোটসমূহ গঠন হোৱাৰে পৰা ৰাজ্যৰ মহিলাসকল আগবািি আহিল আৰু ঘৰখন চলোৱা মহিলাসকলে আজি সমাজখন চলাবৰ বাবেও সামর্থ্য অর্জন কৰিলে৷ আত্মসহায়ক গোটৰ মহিলাসকলে বিগত ১২-১৩ বছৰে বেংকৰ পৰা প্রায় ২১ হাজাৰ কোটি টকা ঋণ গ্রহণ কৰিছে আৰু এই ঋণৰ ধন তেওঁলোকে বেংকত নিয়মীয়াকৈ উভতাই দি আহিছে৷
তেওঁ কয় যে ৰাজ্যৰ ৪ লাখ আত্মসহায়ক গোটৰ লগত জড়িত ৪০ লাখ মহিলাৰ এই সংগঠিত শক্তিক সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুয়োটা পর্যায়তে সহায়ৰ হাত আগবঢ়াই এখন আত্মনির্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা হৈছে৷ দেশত ৩ কোটি মহিলাক লাখপতি বাইদেউ গঢা়ৰ বাবে থকা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোন অনুসৰণ কৰি ৰাজ্য চৰকাৰেও ৰাজ্যৰ অন্ততঃ ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গগাৰ সংকল্প লৈছে আৰু এই আঁচনিৰ আঁৰৰ উদ্দেশ্য এইটোৱেই বুলি তেওঁ মন্তব্য কৰে৷
আত্মসহায়ক গোটসমূহৰ সৈতে জডিত হৈ নিজৰ পৰিয়ালৰ লগতে সামগ্রিকভাৱে ৰাজ্যখনৰ অর্থনীতিলৈ মহিলা সমাজে কিদৰে বৰঙণি আগববাইছে সেই দিশতো সভাত মুখ্যমন্ত্রীয়ে উদাহৰণ দাঙি ধৰে৷ কলিয়াবৰ সমষ্টিৰ লাখপতি বাইদেউৰ সফলতাৰ কাহিনী উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সমষ্টিটোৰ অপৰাজিতা ভি আৰু অগ্নিগড় চি এল এফৰ অধীনস্থ মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা মামনি ভূঞা চাংমাই–এ ফাষ্টফুডৰ প্রতিষ্ঠান স্থাপন কৰি আত্মনিয়োজনৰ এক অনন্য উদাহৰণ দাঙি ধৰিছে৷
আত্মসহায়ক গোটৰ ৭৫ হাজাৰ টকাৰ ঋণৰ লগতে সামূহিক বিনিয়োগ পুঁজি আৰু ৰাজ্যিক জীৱিকা মিছনৰ সাহায্যৰে ব্যৱসায়ৰ সম্প্রসাৰণ ঘটাহ তেওঁ নিজৰ প্রতিষ্ঠানত প্রস্তুত কৰা চাউমিন, ৰোল, মম, পকৰা আৰু চাহৰ সৈতে খোৱা আন জলপানজাতীয় খাদ্যৰ ব্যৱসায় কৰি প্রতি মাহে প্রায় ৪৫ হাজাৰ টকাকৈ অর্থাৎ বার্ষিক ৫.৪০ লাখ টকা আয় কৰিবলৈ সক্ষম হৈছে৷ সেহদৰে বিষুপ্রিয়া ভি আৰু অগ্ণিগড চি এল এফৰ অধীনস্থ কল্যাণী আত্মসহায়ক গোটৰ সদস্যা বিবি বসুমতাৰীয়ে গাহৰি পালনত আত্মনিয়োগ কৰি নিজকে আত্মনির্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে৷ বিবি বসুমতাৰীয়ে আত্মসহায়ক গোটৰ ৫০ হাজাৰ টকাৰ ঋণৰ লগতে সামূহিক বিনিয়োগ পুঁজি আৰু ৰাজ্যিক জীৱিকা মিছনৰ সাহায্যৰে ব্যৱসায়ৰ সম্প্রসাৰণ ঘটাই সম্প্রতি প্রতিমাহে ১২ হাজাৰ টকাকৈ অর্থাৎ বার্ষিক প্রায় ১.৪৪ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷
তেওঁ কয় যে কলিয়াবৰ সমষ্টিত এনে উদাহৰণ বহুত আছে৷ এওঁলোকৰ দৰেই আজি ৰাজ্যৰ ৮ লাখৰো অধিক মহিলা লাখপতি বাইদেউ হবলৈ সক্ষম হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে এইসকল উদ্যমী মহিলাৰ সাফল্যই প্রমাণ কৰিছে যে আত্মসহায়ক গোটৰ সহায় আৰু প্রশিক্ষণৰ সঠিক ব্যৱহাৰেৰে গ্রামাঞ্চলৰ মহিলাসকলে স্ব–নির্ভৰশীল হৈ সমাজ আৰু অর্থনীতি দুয়োটাতে গৌৰৱজনক স্থান লাভ কৰিব পাৰে৷ মহামানৱ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহি অসমৰ মহিলাই কাপোৰত সপোন বব জানে বুলি কৰা মন্তব্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ মহিলা সমাজ শক্তিৰ অফুৰন্ত ভঁৰাল, মাথোঁ তেওঁলোকক আগবাঢ়ি যাবৰ বাবে পৰিয়াল, সমাজ আৰু চৰকাৰৰ সমর্থনৰ প্রয়োজন৷
মহিলা উদ্যমিতা পুঁজিৰ বিষয়ে উপস্থিত মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্রথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহলে ১ লাখ টকাৰ এটা পুঁজি গঠন হব৷ এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ নতুবা তেওঁলোকে নিজস্বভাৱেও কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূর্বতে থকা ব্যৱসায়ৰ সম্প্রসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব৷ ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্রাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ ব্যৱহাৰ কৰিলে পৰৱর্তী পর্যায়ত ক্রমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব বুলিও তেওঁ কয়৷
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা নিযুত মইনা আঁচনিৰ সুফলস্বৰূপে বিগত বর্ষত প্রথম বার্ষিকত পপা কোনো এগৰাকী ছাত্রীয়ে কলেজ এৰা নাই আৰু যোৱাবাৰৰ তুলনাত এইবাৰ ঙ্ম হাজাৰ অধিক ছাত্রীয়ে নামভর্তি কৰিছে৷ একেদৰে মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰী মহিলাসকলেও যাতে আঁচনিৰ পুঁজিৰ সদ্ব্যৱহাৰ কৰে, সেইক্ষেত্রত সচেতন হবলৈ তেওঁ সকলোকে আহবান জনায়৷ তেওঁ কয় যে মহিলা উদ্যমিতা আঁচনি কেৱল এখন গতানুগতিক আঁচনি নহয়, ইয়াৰ লগত সামাজিক, অর্থনৈতিক আৰু নাৰীৰ সবলীকৰণৰ বার্তাও নিহিত হৈ আছে৷
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ দুখীয়া–দৰিদ্র জনসাধাৰণক সহায় কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ পুঁজি ক্রমাগতভাৱে বৃদ্ধি কৰি অনা হৈছে আৰু অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্রয়ৰ বাবেও ২৫০ টকাকৈ ৰাজসাহায্য লাভ কৰিব৷ কলিয়াবৰ সমষ্টিৰ ৩০০০০ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি এতিয়াও অৰুণোদয় সুবিধা লাভ নকৰা সমষ্টিটোৰ যোগ্য পৰিয়ালসমূহক সামৰি লোৱাৰ বাবে অতিৰিক্ত ৩০০০টা পৰিয়ালক অনুমোদন জনোৱাৰ কথা তেওঁ আজিৰ সভাতে ঘোষণা কৰে৷
ৰেচন কার্ড থকা পৰিয়ালসমূহে ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য সেৱাৰ উদ্দেশ্যে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম আঁচনি লাভৰ কথা উল্লেখ কৰি তেওঁ কয় যে নৱেম্বৰ মাহৰ পৰা ৰেচন কার্ড থকা পৰিয়ালসমূহে চেনি, দাইল, নিমখ বজাৰতকৈ কম নিৰিখত লাভ কৰিবলৈ আৰম্ভ কৰিব৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যৰ মহিলাসমাজৰ জীৱনলৈ পৰিৱর্তন অনাৰ দিশত কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ ফলত ৰাজ্যত বাল্য বিবাহ প্রায় বন্ধ হোৱাৰ পথত৷ মুখ্যমন্ত্রীয়ে সদৰী কৰে যে ৰাজ্য চৰকাৰে মহিলা সমাজৰ বিৰুদ্ধে হোৱা অপৰাধ নিয়ন্ত্রণৰ দিশত বিগত সময়ছোৱাত গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে ৰাজ্যত ধর্ষণ, শ্লীলতা হানি, যৌতুক সম্বন্ধীয় ঘটনা আদি দ্রুতগতিত হ্রাস পাইছে৷ এইবাৰ চৰকাৰে বহু বিবাহ ৰোধৰ অর্থেও অসম বিধানসভাত আইন প্রণয়নৰ দিশত অগ্রসৰ হৈছে৷ অসম বিধানসভাৰ সমাগত নৱেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া অধিৱেশনত এই সম্বন্ধীয় বিধেয়ক উত্থাপন কৰা হব বুলি তেওঁ কয়৷
কলিয়াবৰ সমষ্টিৰ উন্নয়নৰ বাবে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে কলিয়াবৰ সমজিলা গঠন, আইন মহাবিদ্যালয়, কাজিৰঙাৰ ওপৰত নতুন এলিভেটেড কৰিডৰকে ধৰি বিভিন্ন পদক্ষেপে কলিয়াবৰক উজলাই তুলিছে৷ ডাঃ টি আও ষ্টেডিয়ামত নতুনকৈ ইনডোৰ ষ্টেডিয়াম নির্মাণৰ কাম আৰম্ভ হৈছে৷ সমষ্টিটোৰ চাহ বাগিচাৰ ৰাইজক মাটিৰ অধিকাৰ প্রদানৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ কলিয়াবৰত এখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবেও ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে বুলি তেওঁ সদৰী কৰে৷
এই সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী, দিপ্লুৰঞ্জন শর্মা, শশীকান্ত দাস, নগাঁও জিলা পৰিষদৰ সভানেত্রী গীতাঞ্জলি হাজৰিকা প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শর্মা বৰদলৈকে ধৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা জিলা প্রশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ