নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ অকাল বিয়োগ

নগাঁৱৰ ডিমৰুগুৰি 'শংকৰী সাংস্কৃতিক গোষ্ঠী' দিহানাম দলৰ মুখ্য পৰিবেশিকা আছিল শিল্পীগৰাকী

নগাঁও তথা অসমৰ এগৰাকী  সুপৰিচিত তথা জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ আজি পুৱা মৃত্যু হয়। জনপ্ৰিয় শিল্পী গৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ ব্যক্তিগত এখন চিকিৎসালয়ত দুদিন ধৰি চিকিৎসাধীন হৈ আছিল।

আজি পুৱাৰ ভাগত শিল্পী গৰাকীয়ে মৃত্যুক আকোৱালি লয়। এগৰাকী দক্ষ দিহানামৰ শিল্পী হিচাপে লিজা শইকীয়া দাসে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল।

নগাঁৱৰ ডিমৰুগুৰি ‘শংকৰী সাংস্কৃতিক গোষ্ঠী’ দিহানাম দলৰ মুখ্য পৰিবেশিকা আছিল শিল্পীগৰাকী। নগাঁও ছহৰৰ কাষৰীয়া ডিমৰুগুৰিৰ সতী জয়মতী পথৰ বাসিন্দা লিজা শইকীয়া দাসৰ মাতৃগৃহ আছিল বেবেজীয়াৰ ১নং গেদাবৰিত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৩২ বছৰ।

আকস্মিক মৃত্যু হোৱা শিল্পী গৰাকীৰ মৃত্যুত বৃহত্তৰ ডিমৰুগুৰি অঞ্চলৰ লগতে নগাঁৱৰ সৰ্বত্ৰে শোকৰ ছা পৰিছে। ‘শংকৰী সাংস্কৃতিক গোষ্ঠী’ দিহানামৰ দলৰ লগতে নগাঁৱৰ সকলো দিহানামৰ দলে শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু এটা শিশু সন্তান সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি  গৈছে।

বিশেষ বাৰ্তা, নগাঁও, ২৮ অক্টোবৰ

You might also like