নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বাংলাদেশৰ জাতীয় সংগীতেৰে সভা আৰম্ভ কংগ্ৰেছৰ…

শ্রীভূমি জিলা (কৰিমগঞ্জ)ত এক আজব ঘটনা সংঘটিত কৰিলে কংগ্ৰেছে। শ্রীভূমি জিলাৰ ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হ’ল কংগ্ৰেছৰ সভা। কংগ্ৰেছীৰ এই বাংলাদেশপ্ৰেমক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ কংগ্ৰেছ সেৱাদলে আয়োজন কৰা কাৰ্যনিৰ্বাহক সভাত এই আজব ঘটনা সংঘটিত হয়। কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ বিপৰীতে বাংলাদেশৰ জাতীয় সংগীত গোৱা হ’ল। অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ চীফ দীপ বায়ন উপস্থিত থাকোঁতেই বাংলাদেশৰ জাতীয় সংগীত গাই সভা আৰম্ভ কৰে কংগ্ৰেছীয়ে ।

এই সভাত কৰিমগঞ্জ জিলা কংগ্ৰেছৰ বিভিন্ন নেতা–কৰ্মী উপস্থিত আছিল। তেওঁলোকৰ সন্মুখতে গোৱা হ’ল বাংলাদেশৰ জাতীয় সংগীত। সভাত জিলা কংগ্ৰেছৰ অন্য সদস্যসকলো উপস্থিত আছিল যদিও কোনেও তাৰ বিৰোধিতা নকৰিলে।

ডিজিটেল ডেস্ক, ২৮ অক্টোবৰ

You might also like