নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্থ হ’ল কানাডাৰ প্ৰধানমন্ত্ৰীৰ পত্নী ছ’ফি

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডিউৰ পত্নী ছ’ফি গ্ৰেগইনৰ বৰ্তমান সুস্থ হৈ উঠিছে ।

ছ’চিয়েল মিডিয়া যোগে এক বিবৃতিত ছ’ফিয়ে উল্লেখ কৰিছে যে বৰ্তমান তেওঁ সুস্থ অনুভৱ কৰিছে ।

ইপিনে অ’টোৱাৰ হাস্পতালৰ চিকিৎসকেও ইতিমধ্যে ছ’ফি সুস্থ বুলি সংবাদ মাধ্যমক জনাইছে। অৱশ্যে পত্নী সুস্থ হ’লেও প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডিউৱে আছুতীয়াকৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডিউ আৰু পত্নী ছ’ফি গ্ৰেগইন

You might also like