ইংলেণ্ডক হৰুৱাই প্রথমবাৰলৈ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্রিকা
দেওবাৰে হ’বলগীয়া ফাইনেলত দক্ষিণ আফ্রিকাই ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিৰ বিজয়ী দলৰে মুখামুখি হ’ব
গুৱাহাটীৰ বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামত ইতিহাস দক্ষিণ আফ্রিকা-ৰ মহিলা ক্রিকেট দলৰ৷ প্রথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচনা কৰে দক্ষিণ আফ্রিকাই৷
আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত প্রটিয়াজ বাহিনীয়ে চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ডক ১২৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি খিতাপ যুঁজত প্রৱেশ কৰে৷ মেচখনত দক্ষিণ আফ্রিকাই জয়ৰ বাবে বান্ধি দিয়া ৩২০ ৰানত বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মাৰিজান কাপৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ইংৰাজ বাহিনীয়ে ৪২.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৯৪ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷
দলীয় স্ক’ৰত কোনো ৰান সংযোগ নৌহওঁতেই অপেনাৰ এমী জোনচ আৰু হেথাৰ নাইটে বিদায় লয়৷ ইয়াৰ খন্তেক পিছতে টমী বিউমণ্টেও কোনো ৰান নকৰাকৈ বিদায় লয়৷ সেই সময়ত ইংৰাজ বাহিনীৰ দলীয় স্ক’ৰ আছিল ৩ উইকেটত মাত্র ১ ৰান৷ অৱশ্যে অধিনায়িকা নেট স্কাইভাৰ–ব্রাণ্ট আৰু এলিছ কেপছেই চতুর্থ উইকেটত ১০৭ ৰান কৰি দলৰ বিপর্যয় ৰোধ কৰে যদিও এলিছে ৫০ ৰানত বিদায় লোৱাৰ পিছতে দলটোৱে পুনৰ বিপদত পৰে৷ অধিনায়িকাগৰাকীয়ে সর্বাধিক ৬৪ ৰানৰ অৰিহণা আগবঢ়ায়৷
আনহাতে, ডেনী ৱাট–হজে ৩৪ আৰু লিনছে স্মিথে ২৭ ৰানৰ অৰিহণা আগঢ়ায়৷ দক্ষিণ আফ্রিকাৰ হৈ কাপে সর্বাধিক ৫টা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অপেনাৰ তথা অধিনায়িকা লউৰা ৱ’লভার্ডৰ দুর্দান্ত ১৬৯, টাজমিন ব্রিটছৰ ৪৫, মাৰিজান কাপৰ ৪২ আৰু ক্ল’ ট্রায়নৰ অপৰাজিত ৩৩ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই নির্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩১৯ ৰান সংগ্রহ কৰে৷
ইংলেণ্ডৰ হৈ একলেষ্টনে সর্বাধিক ৪টা উইকেট লাভ কৰে৷ দেওবাৰে হ’বলগীয়া ফাইনেলত দক্ষিণ আফ্রিকাই ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিৰ বিজয়ী দলৰে মুখামুখি হ’ব৷
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ