নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰৈ ৰৈ বিনালে’ৰ সংগৃহীত কৰৰ ৰাজ্যৰ অংশ কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনলৈ, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্রহণ কৰা হ’ল এলানি গুৰুত্বপূর্ণ সিদ্ধান্ত৷ কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে যে কেবিনেটে অসমৰ বান–খহনীয়া সমস্যা প্রতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আর্থিক সাহায্যৰে ২২০৫.৭৫ কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন প্রকল্পৰ প্রস্তাৱত অনুমোদন জনায়৷ এই প্রকল্পৰ অধীনত ৰাজ্যৰ প্রায় ১৩খন জিলাক সামৰি ৬৬ কিলোমিটাৰ দৈর্ঘ্যৰ এলেকাত খহনীয়া প্রতিৰোধী কাম–কাজ, ৩৩ কিলোমিটাৰ দৈর্ঘ্যৰ মথাউৰি নির্মাণ, ১৭.৭২ কিলোমিটাৰ দৈর্ঘ্যৰ এলেকাত প্রচলিউচন কাম–কাজ হাতত লোৱা হ’ব৷ আনহাতে, এই প্রকল্পৰ অধীনত বান–খহনীয়াত ব্রহ্মপুত্রত জাহ যোৱা ভূমি পুনৰুদ্ধাৰৰো পদক্ষেপ লোৱা হ’ব৷

কেবিনেটে জনতাৰ প্রাণৰ শিল্পী জুবিন গার্গৰ জীৱনৰ অন্তিমখন চলচ্চিত্র ‘ৰৈ ৰৈ বিনালে’ প্রদর্শনৰ বাবদ কেন্দ্রীয় চৰকাৰে সংগ্রহ কৰা জিএছটিৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া অংশৰ সমুদায় ধন শিল্পীগৰাকীয়ে প্রতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনক প্রদানৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি কেবিনেটে ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ মাজতে অহা ৫ নৱেম্বৰত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতিথি বিশেষভাৱে পালন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ সেইমর্মে ৰাজ্যৰ প্রতিখন জিলা সদৰত পাঁচ হাজাৰতকৈ অধিক লোক সমৱেত হৈ ‘মানুহে মানুহৰ বাবে’ শীর্ষক গীতটো পৰিৱেশন কৰিব৷ আনহাতে, ৰাজ্য চৰকাৰৰ উদ্যোগত জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় তীর্থত আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যুতিথি পালন কৰা হ’ব৷

কেবিনেটে ৰাজ্যৰ ৰাস মহোৎসৱ উদযাপন সমিতিসমূহক এককালীন আর্থিক অনুদান প্রদানত অনুমোদন জনায়৷ সেই অনুসৰি মাজুলীৰ ৬৭খন ৰাস সমিতিয়ে ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন প্রান্তৰ সর্বমুঠ ২,০৬৮খন ৰাস সমিতিয়ে ২৫ হাজাৰ টকাকৈ অনুদান লাভ কৰিব৷ কেবিনেটে বিটিচিৰ মুখ্য কার্যবাহী সদস্য আৰু উপ–মুখ্য কার্যবাহী সদস্যগৰাকীক কেবিনেট মন্ত্রীৰ মর্যাদা প্রদানত অনুমোদন জনায়৷ আনহাতে, পৰিষদৰ কার্যবাহীসকলক ৰাজ্যিক মর্যাদা প্রদানতো অনুমোদন জনোৱা হয়৷ এই মর্যাদা বিটিএডি এলেকাৰ অধীনৰ জিলাসমূহত প্রযোজ্য হ’ব৷

কেবিনেটে অসমৰ গাঁও অঞ্চলত বংশানুক্রমিকভাৱে তিনিটা প্রজন্ম ধৰি বসবাস কৰি অহা জনজাতীয় লোকসকলক মিছন বসুন্ধৰা ২.০ৰ অধীনত ৫০ বিঘালৈকে মাটিৰ ম্যাদী পট্টা প্রদানৰ সুবিধা মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকললৈ সম্প্রসাৰণত অনুমোদন জনায়৷ কেবিনেটে লগতে এই দুই জনগোষ্ঠীৰ বাবে মিছন বসুন্ধৰাৰ অধীনত আবেদনৰ বাবে অতিৰিক্ত দুমাহ সময় প্রদানতো অনুমোদন জনায়৷

কেবিনেটে অসম আৰক্ষী (সংশোধনী) বিধেয়ক ২০২৫ত অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ জিলা আৰক্ষী দায়বদ্ধতা আয়োগসমূহ পুনৰ গঠন কৰা হ’ব৷ কেবিনেটে অসম গাঁওৰক্ষী বাহিনী নিয়মাৱলী ১৯৮৬ৰ সংশোধনীত অনুমোদন জনায়৷ এই সংশোধনী অনুসৰি গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ ঊর্ধ্বসীমা পূর্বৰ ৫০ বছৰৰ পৰা ৪০ বছৰলৈ  হ্রাস পাব৷ এই সিদ্ধান্ত অনুসৰি প্রয়োজনীয় অঞ্চলসমূহত নতুনকৈ গাঁওৰক্ষী বাহিনী গোট গঠন কৰিব পৰা যাব৷ কেবিনেটে যোৰহাট জিলাত নির্মীয়মাণ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্রকল্প নির্মাণৰ বাবে ২৪৯.৭৮ কোটি টকাৰ সংশোধনীত মুঠ প্রকল্প ব্যয়ত অনুমোদন জনায়৷

You might also like