সুকীয়া আসনত হিয়াৰ আমঠু : নক্ষত্ৰ ছবিগৃহত ৰৈ ৰৈ বিনালে উপভোগ কৰি আৱেগিক দৰ্শক
জয় জুবিনদা শ্লোগান দি, জুবিনদাৰ সপোন আজি বাস্তৱায়িত হ’ল বুলি কেমেৰাৰ সন্মুখত অনুভৱ ব্যক্ত কৰে আৱেগিক হৈ পৰা ৰাইজে
শ্বহীদ নগৰী ঢেকিয়াজুলিৰ নক্ষত্ৰ ছবিগৃহত দৰ্শকৰ আসনসমূহৰ ভিতৰত এখন সুকীয়া আসনত সন্মুখভাগত হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক অধিষ্ঠিত কৰিলে চিনেমা হল কৰ্তৃপক্ষই।
গণশিল্পীগৰাকীৰ অন্তিমখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে বোলছবিখন আজি পুৱা ৫ বজাত বিশ্বশিল্পীগৰাকীৰ প্ৰতিকৃতি সন্মুখত দৰ্শন কৰিয়েই প্ৰথম দৰ্শনী উপভোগ কৰি আৱেগিক হৈ পৰিল ৰাইজ।
মাজনিশা ১:৩০ বজাৰ পৰা টোপনি খতি কৰি হ’লেও প্ৰাণৰ শিল্পীগৰাকীৰ বহু প্ৰত্যাশিত ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিল দৰ্শক ৷ কোনেও যাতে ছবিখন পাইৰেছি নকৰে, ছবিখনক যেন এক উচ্চ পৰ্যায়লৈ লৈ যায় তাৰ বাবে আহ্বান জনায় সচেতন দৰ্শকে ৷
বহু প্ৰতীক্ষিত বুকুৰ আপোন শিল্পীগৰাকীৰ ছবিখন উপভোগ কৰি জয় জুবিনদা শ্লোগান দি, জুবিনদাৰ সপোন আজি বাস্তৱায়িত হ’ল বুলি কেমেৰাৰ সন্মুখত অনুভৱ ব্যক্ত কৰে আৱেগিক হৈ পৰা ৰাইজে।
উল্লেখ্য যে আজি পুৱা ৫ বজাত ৰৈ ৰৈ বিনালে বোলছবিখনৰ প্ৰথম দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বেই ঢেকিয়াজুলিৰ নক্ষত্ৰ ছবিগৃহৰ সন্মুখভাগত গণশিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ছবিগৃহ কৰ্তৃপক্ষই। বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বন্ধু কাজল বৰাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি আৱেগিক হৈ পৰে।
বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৩১ অক্টোবৰ