নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ সন্মুখত দক্ষিণ আফ্ৰিকা

ভাৰতীয় মহিলা ক্ৰিকেট দলে এতিয়ালৈ এটা বিশ্বকাপৰ ট্ৰফী জিকিবলৈ সক্ষম হোৱা নাই। এইবাৰ ভাৰতীয় দলৰ বাবে এক সুবৰ্ণ সুযোগ আহিছে

ঘৰুৱা দল ভাৰতে চলিত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ প্রতিযোগিতাখনৰ নৱী মুম্বাইত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে সাতবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়াক পাঁচ উইকেটত পৰাস্ত কৰে৷

মন কৰিবলগীয়া যে ভাৰতে তৃতীয়বাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ ফাইনেলত উপনীত হয়৷ মেচখনত অষ্ট্রেলিয়াই জয়ৰ বাবে বান্ধি দিয়া অভিলেখসংখ্যক ৩৩৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেমিমা ৰড্রিগুৱেজৰ দুর্দান্ত অপৰাজিত ১২৭ আৰু অধিনায়িকা হৰমনপ্রীতৰ দায়িত্বশীল ৮৯ ৰানৰ সহায়ত ভাৰতে ৪৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ দলীয় স্ক’ৰ ৫৯ ৰানত অ’পেনাৰদ্বয় শ্বেফালি বার্মা (১০) আৰু স্মৃতি মান্ধানাক (২৪) হেৰুৱাই দলটোৱে বিপদত পৰিছিল যদিও জেমিমা আৰু হৰমনপ্রীতে তৃতীয় উইকেটত ১৬৭ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷
ইপিনে, দীপ্তি শর্মাই ২৪, ৰিছা ঘোষে ২৬ আৰু অমনজ্যোৎ কৌৰে অপৰাজিতভাৱে ১৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ অষ্ট্রেলিয়াৰ হৈ কিম গার্থ আৰু এনাবেল ছাডাৰলেণ্ড উভয়ে দুটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ ফিবি লিছফিল্ডৰ দর্শনীয় ১১৯, এলিছ পেৰীৰ ৭৭ আৰু এছলি গার্ডনাৰৰ ৬৩ ৰানৰ সহায়ত অষ্ট্রেলিয়াই ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্রহ কৰে৷ বেথ মুনিয়ে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়৷
২ নৱেম্বৰত নৱী মুম্বাইত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ঘৰুৱা দল ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ প্রথম ছেমিত দক্ষিণ আফ্রিকাই ইংলেণ্ডক পৰাস্ত কৰিছিল৷

উল্লেখ্য যে পুৰুষ আৰু মহিলা বিশ্বকাপৰ পৰ্যায়ত নক আউটত কালি ৩৩৮ ৰানৰ যি লক্ষ্যৰ পিছ লৈ ভাৰত জয়ী হল, সেয়া ক্ৰিকেটৰ ইতিহাসৰ প্ৰথম। ইয়াৰ পূৰ্বে ইমান বিশাল ৰানৰ লক্ষ্যৰ পিছ লৈ কোনো দলে বিজয় সাব্যস্ত কৰিব পৰা নাছিল। ভাৰতীয় মহিলা দলে সেই ইতিহাস গঢ়ে।

উল্লেখ্য যে ভাৰতীয় মহিলা ক্ৰিকেট দলে এতিয়ালৈ এটা বিশ্বকাপৰ ট্ৰফী জিকিবলৈ সক্ষম হোৱা নাই। এইবাৰ ভাৰতীয় দলৰ বাবে এক সুবৰ্ণ সুযোগ আহিছে।

ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ

You might also like