জুবিনৰ ৰৈ ৰৈ বিনালে ক’ত চাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
সুবিধা মিলিলে আজিয়েই আইদেউ ছবিগৃহলৈ গৈ ছবিখন চোৱাৰ ব্যৱস্থা কৰিম
জুবিন গাৰ্গৰ অনবদ্য সৃষ্টি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ অচিৰেই যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দিনজোৰা কাৰ্যসূচী লৈ লখিমপুৰত থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ সৈতে বাৰ্তালাপত এই মন্তব্য কৰে।
তেওঁয়ে কয়, “লখিমপুৰতেই ছবিখন চাবলৈ মন কৰিছোঁ।” লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়— “মই গ’লে সাধাৰণ ৰাইজৰ অসুবিধা হ’ব। মোৰ লগত চিকিউৰিটিয়ে ২৬জন থাকে। কোনোবা এটা দিনত জোনাকীত ছবিখন চাম।”
তথাপি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়, সুবিধা মিলিলে আজিয়েই আইদেউ ছবিগৃহলৈ গৈ ছবিখন চোৱাৰ ব্যৱস্থা কৰিম।
উল্লেখযোগ্য যে মুক্তিৰ প্ৰথম দিনটোতেই কেইবাগৰাকীও ৰাজনৈতিক নেতাই উপভোগ কৰিছে জুবিন গাৰ্গৰ এই অন্তিম আৰু বহুল প্ৰত্যাশিত ছবি ‘ৰৈ ৰৈ বিনালে’।
ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ