নিয়মীয়া বাৰ্তা, ধলপুৰ, ২ নৱেম্বৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই আজি ধলপুৰ মৌজাৰ ঐতিহাসিক ৰঙতি পুখুৰীৰ পাৰৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত “নাহৰ বন”ৰ শুভ উদ্বোধন কৰে ৷ প্ৰথমে বিধায়ক ড° ভূঞাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে৷
বিজেপি পশ্চিম মণ্ডলৰ সভাপতি পাৰ্থপ্ৰতিম ফুকনে আঁত ধৰা নাহৰ বন উদ্বোধনী অনুষ্ঠানটোত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়কে জনশিল্পী জুবিন গাৰ্গৰ কৰ্মৰাজি সন্দৰ্ভত আলোকপাত কৰি শিল্পীগৰাকীৰ প্ৰিয় নাহৰ গছ ৰোপণ কৰি ঐতিহাসিক ৰঙতি পুখুৰী পাৰত স্মৃতি সজীৱ কৰাৰ কথা সদৰী কৰে ৷ তদুপৰি বিহপুৰীয়া ৰাজবাৰীত জুবিন গাৰ্গৰ সংগীত বিদ্যালয় স্থাপন কৰা আৰু নাৰায়ণপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ অতিথিশালা চৌহদত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি সংবাদ মাধ্যমত অৱগত কৰে ৷
ইয়াৰ পাছতেই বিধায়ক ড° ভূঞাৰ নেতৃত্বত চ্যুকাফা সমন্বয় ক্ষেত্ৰত নাহৰ পুলি ৰোপণ কৰি “নাহৰ বন”ৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানটোত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ডিপুল চমুৱা, লখিমপুৰ জিলা পৰিষদৰ উপ-সভাপতি খগেন হাজৰিকা, ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ সদস্য মানৱ দাস, নাৰায়ণপুৰ জিলা পৰিষদৰ সদস্যা দেৱযানী বুঢ়াগোহাঁই, নাৰায়ণপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপিকা দাস শইকীয়া, নাৰায়ণপুৰ নগৰ সমিতিৰ সভাপতি হৰি চন্দুক, বিজেপি বিহপুৰীয়া মণ্ডলৰ সভাপতি দুৰ্লভ দাস, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অমৃতপ্ৰভা দেউৰীকে প্ৰমুখ্য কৰি বিভিন্ন পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷