ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : আজি গুৱাহাটীলৈ অনা হ’ব বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ। পুৱা ৮.১০ বজাত গুৱাহাটী বিমানবন্দৰ পাবহি আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ নশ্বৰদেহ। বিমানবন্দৰৰ পৰা নশ্বৰদেহ নিগাজী পামৰ বাসগৃহলৈ অনা হ’ব। বাসগৃহত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ নশ্বৰদেহ কিছু সময় শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখা হ’ব। বাসগৃহত পৰিয়ালৰ লোকৰ লগতে গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব।