নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৪ নৱেম্বৰ : মৰিগাঁও জিলাৰ গেৰুৱাত কালিৰ পৰা আৰম্ভ হৈছে গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী। গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ সভাপতি তুতুল বৰঠাকুৰ আৰু সম্পাদক বিনোদ কমাৰ বড়াই জনোৱা মতে, ৩ নৱেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে।
কালি বিয়লি ২ বজাত ৰাস মণ্ডপ সজ্জিতকৰণ, ৰাস মণ্ডপত বন্তি প্ৰজ্বলন, ৰাস মণ্ডপত শৰাই স্হাপন আৰু গণিকা পৰিৱেশন কৰা হয়। আজি পুৱা ৰাস মণ্ডপৰ মুখ্য দ্বাৰ উন্মোচন কৰা হয়। তাৰ পিছতে ৬২ সংখ্যক ৰাস মহোৎসৱৰ ধ্বজা উত্তোলন কৰা হয়। ইয়াৰ পিছত স্মৃতি তৰ্পণ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুপৰীয়া ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনূসূয়া শৰ্মাই। এই শোভাযাত্ৰাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা। আন আন কাৰ্যসূচীৰ লগতে আজি নিশা স্হানীয় মহিলা শিল্পীসকলৰ দ্বাৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা কেলিগোপাল নাট পৰিৱেশন কৰা হ’ব।
৫ নৱেম্বৰত ভাগৱত পাঠ, দিহানাম পৰিৱেশন আৰু একনাম পৰিৱেশন কৰা হ’ব। নিশা শালীবান উপাখ্যান অংকীয়া নাট প্ৰদৰ্শন কৰা হ’ব। ৬ নৱেম্বৰত আন আন কাৰ্যসূচীৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব। নিশা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা পৰিৱেশন কৰা হ’ব। ৭ নৱেম্বৰত আন কাৰ্যসূচীৰ লগতে দুপৰীয়া স্হানীয় কণ কণ ছোৱালীৰ দ্বাৰা কেলিগোপাল নাটখন পৰিৱেশন কৰা হ’ব। নিশা গেৰুৱা যুৱ নাট্য মঞ্চৰ শিল্পীসকলৰ দ্বাৰা ঘাটক নাটক পৰিৱেশন কৰা হ’ব।