নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰাস মহোৎসৱ : শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য

আনহাতে নামনি অসমৰ নলবাৰী, বৰপেটা আদিকে ধৰি সকলোতে ৰাস পালন কৰা হব। উল্লেখ্য যে নামনি অসমৰ ৰাস ১৫ দিনপৰ্যন্ত পালন কৰা হয়।

আজি ৰাস পূৰ্ণিমা। আজিৰে পৰা সমগ্ৰ অসমতে উদযাপন কৰা হৈছে পৱিত্ৰ ৰাস মহোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ দিৱ্য লীলা-কাহিনী বন্দনাৰে আয়োজিত এই ৰাস উৎসৱ হৈছে ধৰ্ম, সংস্কৃতি আৰু শিল্পকলাৰ এক অপূৰ্ব মিলনক্ষেত্ৰ।

ভক্তিৰ সুৰ, নামঘোষাৰ ধ্বনি আৰু দীপপ্ৰজ্বলিত পৰিৱেশত আজি সকলো ঠাইৰে আকাশ মুখৰ হৈ পৰিব। গাঁৱে গাঁৱে, মন্দিৰে মন্দিৰে আৰু নামঘৰত আজিৰ দিনটোত ভক্তসকলে ভিৰ পৰিলক্ষিত হৈছে।

বিশেষভাৱে মাজুলীৰ ৰাসমঞ্চত কৃষ্ণ-ৰাধাৰ লীলা আধাৰিত নাট্য প্ৰদৰ্শন, ভজন, নৃত্য আৰু আলো-শব্দৰ সমন্বয়ে সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশ। আনহাতে নামনি অসমৰ নলবাৰী, বৰপেটা আদিকে ধৰি সকলোতে ৰাস পালন কৰা হব। উল্লেখ্য যে নামনি অসমৰ ৰাস ১৫ দিনপৰ্যন্ত পালন কৰা হয়।

শিল্পীসকলে বিভিন্ন ধৰ্মীয় নাটক আৰু সংগীতৰ জৰিয়তে প্ৰকাশ কৰিছে কৃষ্ণৰ দিৱ্য লীলা। ৰাসৰ সময়ত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখত একে নাম কৃষ্ণলীলা প্ৰকাশ পাইছে।

অন্যফালে, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে উৎসৱৰ সময়ত নিৰাপত্তা ব্যৱস্থা বলৱৎ কৰিছে যাতে কোনো অপ্ৰীতিকৰ ঘটনা নঘটে। পৱিত্ৰ ৰাস মহোৎসৱক লৈ ৰাজ্যজুৰি আনন্দৰ হিলোল— ধৰ্ম, ভক্তি আৰু সংস্কৃতিৰ মিলনত আজি অসম উদ্বেলিত হৈ পৰিছে।

আজি পৱিত্ৰ ৰাস পূৰ্ণিমা। সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উপলক্ষে শিৱসাগৰ জিলাৰ চাৰিং হাফলুটিং বৰনামঘৰত ছয় দিনীয়াকৈ উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। লোক-বিশ্বাস মতে হাফলুটিং বৰনামঘৰত পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোত ধূপ বন্তি জ্বলাই ভগৱানৰ অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰণ হয়। বিগত এটা মাহ ধৰি স্থানীয় শিল্পীসকলে অব্যাহত ৰখা আখৰাৰ অন্তত আজি নিশালৈ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াক মঞ্চত উপস্থাপন কৰিব।

বোকাখাতৰ খতিয়াখলি আঞ্চলিক শিল্পী সমাজেও উৎসাহবিহীনভাৱে কেৱল পৰম্পৰা ৰক্ষা কৰি ৫১সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিছে৷ সমান্তৰালকৈ মঙ্গলবাৰে সন্ধিয়া বোকাখাত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বোকাখাতৰ ২৮খন ৰাস উদযাপন সমিতিক চৰকাৰৰ পৰা প্ৰদান কৰা ২৫ হাজাৰ টকাৰ ৰাজ সাহাৰ্যৰ চেক প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ৷

ইফালে পুৱতিনিশালৈকে জনসমুদ্ৰত পৰিণত সত্ৰপীঠ মাজুলী। শৰতৰ পূৰ্ণিমা নিশা অতি বিতোপন… ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন… মাজুলীৰ ৬৯খন সত্ৰ আৰু মঞ্চত প্ৰথম নিশাৰ ৰাস উৎসৱ প্ৰদৰ্শন কৰিলে মাজুলীৰ হাজাৰ হাজাৰ শিল্পীয়ে। উত্তৰ কমলাবাৰী ৰাস মঞ্চত ব্ৰজাৱলী ভাষাত নন্দালয়ৰ দৃশ্যত উদাসীন ভকতৰ মনপৰশা অভিনয়। শিশু কৃষ্ণক বধ কৰিবলৈ অহা পুতনা ৰাক্ষসী, ৰাক্ষসীৰ ৰূপ চলাই মোহিনীৰ অভিনয়ত মুগ্ধ হয় দৰ্শকসকল। আন মঞ্চসমূহত গকুলত নৃত্য কৰি থকা কৃষ্ণক বধ কৰিবলৈ অহা অজগৰ ৰূপী প্ৰকাণ্ড অজগৰ আৰু বাকাসুৰ ৰূপী বগলিৰ অভিনয় অপূৰ্ব আছিল। আজি ৰাস মহোৎসৱৰ দ্বিতীয় দিন। আঠ নৱেম্বৰলৈকে চলিব মাজুলীৰ ৰাস উৎসৱ।

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like