নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, হতাহত ২
- ৰাসোৎসৱৰ আনন্দ উল্লাসৰ মাজতে নাৰায়ণপুৰৰ য’খৰিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
- ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহটিয়ালে দুই বাইক আৰোহীক।
- থিতাতে নিহত হয় লাল দাস (৩০) নামৰ এজন যুৱক
- গুৰুতৰভাৱে আহত হয় নৱজ্যোতি দাস (১৮) নামৰ আন এজন যুৱক।
- আহত যুৱকজনক সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
- যুৱক দুজনৰ ঘৰ নাৰায়ণপুৰৰ শেনচোৱা গাঁৱত বুলি জানিব পৰা গৈছে।
- দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 07 X 0211।
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ