পাহাৰীয়া জিলাত বৰ্তমান কোনো ভেটি নাই কংগ্ৰেছৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পাহাৰীয়া জিলাত শেহতীয়া ভ্ৰমণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তুলিৰাম ৰংহাঙক লৈ কৰা মন্তব্যৰ ওপৰত চিইএম তুলিৰাম ৰংহাঙে প্ৰতিক্ৰিয়া আগবঢ়াইছে।
তেওঁ কয় যে পাহাৰীয়া জিলাত কংগ্ৰেছৰ বৰ্তমান কোনো ভেটি নাই। সকলোতে কংগ্ৰেছ শূন্য।ৰাজনৈতিক মুনাফা আদায়ৰ বাবে গৌৰৱ গগৈয়ে মনেসজা মন্তব্য কৰিছে। পাহাৰীয়া জিলাৰ ৰাইজে সকলো বুজি পাইছে বুলি চিইএম ৰংহাঙে মন্তব্য কৰে।
কাৰ্বি আংলঙৰ মাঞ্জাত আয়োজিত বিজেপিৰ এক যোগদান কাৰ্যসূচীত অংশ লৈ এনেদৰে মন্তব্য কৰে চিইএম তুলিৰাম ৰংহাঙে। লগতে কংগ্ৰেছ আৰু এপিএছএলচি দল ত্যাগ কৰি নতুনকৈ যোগদান কৰা কেইবাশ পৰিয়ালক বিজেপিত আদৰণি জনায়।
বিজেপিৰ উন্নয়নমূলক কাম-কাজ দেখি সমৰ্থকসকলে বিজেপিমুখী হৈছে বুলিও চিইএম তুলিৰাম ৰংহাঙে মন্তব্য কৰে।
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ