বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৭ নৱেম্বৰ : শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ৫নং ৱাৰ্ডত ঢেকীয়াজুলি পৌৰসভাৰ উদ্যোগত ৮ কোটি ৩১ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা অত্যাধুনিক আটকধুনীয়া প্ৰেক্ষাগৃহটি হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উছৰ্গা কৰাৰ সিদ্ধান্ত ল’লে শ্বহীদ নগৰীৰ ৰাইজে।
১৮ নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিনৰ দিনাই জুবিন গাৰ্গৰ নামত নামকৰণ কৰি অত্যাধুনিক প্ৰেক্ষাগৃহটি উছৰ্গা কৰা হ’ব বুলি জনায় ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে ৷
তদুপৰি ঢেকীয়াজুলিৰ কোনো এক উপযোগী স্থানত ১০ বিঘা মাটিত জুবিন উদ্যান নিৰ্মাণ কৰাৰ বাবেও স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৰাইজৰ পৰামৰ্শমৰ্মে সিদ্ধান্ত লয় বুলি সংবাদ মাধ্যমত জনায়।
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ আহ্বানত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি ঢেকীয়াজুলিত যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত ৫নং ৱাৰ্ডত নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাত ৮ কোটি ৩১ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা অত্যাধুনিক আটকধুনীয়া প্ৰেক্ষাগৃহ ৰাইজৰ সৰ্বসন্মত সিদ্ধান্তমৰ্মে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা বুলি ঘোষণা কৰে মন্ত্ৰী অশোক সিংহলে।
ঢেকীয়াজুলি সমষ্টিৰ উপযোগী স্থানত ১০ বিঘা মাটিত জুবিন উদ্যান নিৰ্মাণ কৰাৰ বাবে মাটি চাবলৈ সমজিলা আয়ুক্তৰ লগতে ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াক আহ্বান জনায় স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে । স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলৰ ইতিবাচক ভূমিকাৰ শলাগ লয় ঢেকীয়াজুলিবাসীয়ে।