বিশেষ বাৰ্তা, নগাঁও, ৭ নৱেম্বৰ : নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত কুঠৰীৰ সমীপৰ কাৰ্বি আংলং জিলাৰ ৰংমংৱেত এছ টি এফে এক গোপন সূত্ৰৰ পম খেদি বন্যপ্ৰাণী সৰবৰাহকাৰী দলৰ বিৰুদ্ধে অভিযান চলায়।
অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ আৰু বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দলটোৱে যোৱানিশা অভিযান চলাইছিল। দলটোৱে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজন হ’ল ৰংমংৱেৰ বিদ্যা চিংনাৰ আৰু চেমচন কাথাৰ। দলটোৱে তেওঁলোকৰ পৰা ছডাল কেকো সাপ, এটা লাজুকী বান্দৰ, বুজন পৰিমাণৰ বনৰৌৰ বাকলি জব্দ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি গ্ৰেপ্তাৰ কৰা দুয়োকে দলটোৱে জখলাবন্ধা আৰক্ষী থানাত চমজাই দিয়ে। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, এই দুয়োগৰাকী সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগ সৰবৰাহ কৰি আহিছে।তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী চক্ৰক এই বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগ বিক্রীৰ বাবে প্ৰস্তুতি চলাইছিল।কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানৰ পৰা সৰবৰাহকাৰী দুজনে বন্যপ্ৰাণীৰ অংগৰ লগতে বন্যপ্ৰাণী সংগ্ৰহ কৰিছিল। জখলাবন্ধা আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।