জনজাতিকৰণ : সৰুপথাৰত বিশাল প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ
সৰুপথাৰ সমজিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
সদৌ চাওতাল ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগ সোমবাৰে সৰুপথাৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সৰুপথাৰত চাওতাল ছাত্ৰ সন্থাই সাংস্কৃতিক সমদলৰ জৰিয়তে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। সদৌ চাওতাল ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত এছু সৰুপথাৰ সমজিলা, এছু মেৰাপানী আঞ্চলিক, এছু উত্তৰ গোলাঘাট আঞ্চলিক, এছু বোকাখাত আঞ্চলিক, ধনশিৰি আঞ্চলিক চাওঁতাল মাঝি মণ্ডল আৰু সৰুপথাৰ সমজিলাৰ সমূহ ৰাইজে ৰূপায়ন কৰে এই প্রতিবাদী সাংস্কৃতিক কাৰ্যসূচী।
হাজাৰ হাজাৰ লোকে হাতে হাতে প্লেকাৰ্ড লৈ চাওতালসকলক জনজাতি প্ৰদান কৰক, চাওঁতালসকলক চাহ জনজাতি নামকৰণ কৰা বন্ধ কৰক, আদিবাসী শান্তি চুক্তি ৰূপায়ণ কৰক, We Want Land Patta, No ST No Rest, We Want ST, চাওতালসকল জাগিছে, ST Our Birth Right, বিজেপি চৰকাৰ হুচিয়াৰ বুলি সাব্যস্ত কৰে প্ৰতিবাদ।
সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ কৰি সৰুপথাৰ নগৰৰ মাজেৰে গৈ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত সামৰণি পৰে এই প্ৰতিবাদী কায্যসূচী। সংগঠনটোৰ মতে ভাৰতবৰ্ষৰ ইতিহাসৰ চাওতালসকল অতি প্ৰাচীন অষ্ট্ৰো-এছিয়াটিক গোষ্ঠীৰ। অতিজৰে পৰা এই জনগোষ্ঠীটোৱে কৃষি ভিত্তিক জীৱন নিৰ্বাহ কৰি, প্ৰকৃতিৰ লগত সহৱস্থান কৰিও, একবিংশ শতিকাৰ ভাৰতবৰ্ষৰ মূল সুঁতিৰ পৰা বহু পিছ পৰি ৰ’ল।
স্বাধীনোত্তৰ ভাৰতৰ আজি ৭৮ বছৰ গঢ়কাৰ পাছতো জনগোষ্ঠীটোৱে পোহৰৰ বাট দেখা নাই। স্বাধীন ভাৰতৰ পৱিত্ৰ সংবিধানৰ প্ৰস্তাৱনাত নাগৰিকে সমতা স্থাপনেৰে সংবিধান গৃহীত কৰাৰ ৭৫ বছৰ পাছতো জনগোষ্ঠীটোৱে সমতাৰ যুঁজ কৰিব লগা হৈছে। আজিও মৌলিক অধিকাৰৰ পৰা বঞ্চিত, নূন্যতম সুবিধা লাভ কৰাৰ পৰা বঞ্চিত। ভাৰতবৰ্ষৰ মূল বাসিন্দা হৈও আজি ভাৰতৰ সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত।
অসম চৰকাৰে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীৰ ভাষা আৰু কলা-কৃষ্টি সুৰক্ষা, ভূমি অধিকাৰ, উচ্চ শিক্ষাৰ আসন সংৰক্ষণ, উচ্চ শিক্ষাৰ জলপানি ব্যৱস্থা, শিক্ষিত নিবনুৱা সংস্থাপন- এই গুৰুত্বপূৰ্ণ বিষয়বোৰ সদায়েই অৱহেলিত কৰি আহিছে। স্বাধীনোত্তৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো জনগোষ্ঠীটোৱে সম অধিকাৰৰ পৰা লাঞ্চিত-বঞ্চিত।
ভাৰতবৰ্ষৰ অষ্ট্ৰিকমূলৰ চাওতাল জনগোষ্ঠীৰ আত্মপৰিচয়, ভাষা, সংস্কৃতি, কলা-কৃষ্টি, মাটি-ভেটি আজি সংকটত। সমতাৰ যুজত জনগোষ্ঠীটোৱে সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত অসম চৰকাৰক বিভিন্ন সময়ত জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ দাবী জনাই আহিছোঁ। কিন্তু অসম চৰকাৰে জনগোষ্ঠীটোৰ সমস্যা সমাধানত কোনো সদিচ্ছা আজিলৈ প্ৰকাশ কৰা দেখা নগ’ল।
গতিকে, অসম চৰকাৰৰ যোগেদি নিম্নলিখিত ১১টাকৈ দফা শীঘ্ৰেই সমাধানৰ বাবে দাবী জনাইছে সংগঠনটোৱে। অসমৰ অষ্ট্ৰিকমূলৰ চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২নং অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা। অসমৰ চাওতাল জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, কলা-কৃষ্টি ও সৰ্বাংগীন বিকাশৰ বাবে চাওঁতাল উন্নয়ন পৰিষদ গঠন কৰা।
চাওতাল জনগোষ্ঠীক চাহ জনজাতিৰ পৰিৰ্বতে চাওতাল জনগোষ্ঠী হিচাপেই জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা। The Assam Land and Revenue Regulations Act, 1886 ৰ Chapter-X অনুসৰি চাওঁতাল সকলৰ ভুমি সংৰক্ষণ কৰি ভুমিৰ অধিকাৰ ৰূপায়ণ কৰা। চাওতালী ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা। চাওতাল জনগোষ্ঠীৰ বাবে সুকীয়াকৈ উচ্চ শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত বিশেষ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা।
The Scheduled Tribes and Other Traditional Forest Dwellers (Recognition of Forest Rights) Act, 2006 ৰ অধীনত বনাঞ্চলত দীৰ্ঘদিনৰ পৰা বসবাস কৰা চাওতাল জনগোষ্ঠীৰ ভূমিহীন লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা।
The Adivasi Peace Accord ৰ দফা সমূহ আখৰে আখৰে ৰূপায়ন কৰা। Adivasi Peace Accord ৰ অনুসৰি গঠন হোৱা Adivasi Welfare and Development Council ৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত পুঁজি মুকলি কৰা। Adivasi Peace Accord ৰ অনুসৰি Cadre সকলক আৰ্থিক সাহায্য মুকলি কৰা।
অসমত শীঘ্ৰেই আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit) ৰ ব্যৱস্থা কৰা আদি দাবীৰে ৰাজ্য মূখামন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে আৰু ইয়াৰ প্ৰতিলিপি ৰাষ্ট্ৰপতি আৰু ভাৰতৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ (এছু), কেন্দ্ৰিয় সদাৰণ সম্পাদক দীপাংকৰ হেমৰম সহকাৰী সভাপতি লক্ষীনাথ হেমৰম গোলাঘাট জিলা চাওঁতাল ছাত্ৰ সন্থাৰ (এছু), সভাপতি প্ৰদীপ হেমৰম সাধাৰণ সম্পাদক দিবাকৰ মুৰ্মুকে ধৰি ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।