নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সাংগঠনিক সভা

সভাতেই তিনিশ ঘৰ গৃহস্থই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ ,অসমত যোগদান কৰে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-দৰ্শন আৰু আদৰ্শ প্ৰচাৰ, প্ৰসাৰৰ লক্ষ্যৰে গঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ ,অসমৰ এখন সাংগঠনিক সভা কাছাৰৰ খৈয়াজানী নামঘৰত অনুষ্ঠিত হয়।

এই সভাত শ্ৰীভtমি, হাইলাকান্দি আৰু কাছাৰ জিলাৰ সহস্ৰাধিক ভকত, বৈষ্ণৱ, আইমাতৃ, যুৱ সমাজৰ লোকে অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি সমাজৰ ৰাজ্যিক সভাপতি মানিক গগৈয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ সাংগঠনিক দিশৰ বিষয়ে উল্লেখ কৰে।

সভাত সমাজৰ উপসভাপতি হলধৰ ডেকা, প্ৰধান সম্পাদক ৰাজুমনি দত্ত, সম্পাদক জগন্নাথ শইকীয়া, ৰবীন কলিতা, হৰেন ৰাজবংশী, কাৰ্যালয় সম্পাদক নিৰ্মল বৰা, উৎপল ডেকা, সমাজৰ নগাঁও জিলা সমিতিৰ সভাপতি বিমল শইকীয়া, ভাৰপ্ৰাপ্ত সম্পাদক অপুৰ্ব ভূঞা, শোণিতপুৰ জিলা সমাজৰ সম্পাদক জিণ্টু ভূঞা আদিয়ে অংশগ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে কাছাৰ জিলা আইমাতৃ সমাজে দিহানাম পৰিবেশন কৰে। গুৰুজনাৰ আদৰ্শৰে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোক সকলৰ মাজত সমন্বয়ৰ এনাজৰী অধিক শক্তিশালী কৰাত এই সভাই গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে। সভাতেই তিনিশ ঘৰ গৃহস্থই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ ,অসমত যোগদান কৰে।

বিশেষ বাৰ্তা, নগাঁও, ১০ নৱেম্বৰ

You might also like