অবৈধ বাংলাদেশীৰ আগ্রাসন
অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ জীৱন আৰু জীৱিকালৈ গভীৰ ভাবুকি নমাই অনা বাংলাদেশী অনুপ্রৱেশকাৰী সমস্যাক লৈ শেহতীয়াকৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ চিৰাং জিলাৰ কাজলগাঁও বিদেশী ন্যায়াধিকৰণে ২০১৯ চনৰ জুলাইত বিদেশী ঘোষণা কৰা মজিবুৰ ৰহমান ওৰফে মজিবুৰ শ্বেখক বাংলাদেশলৈ প্রত্যর্পণৰ নির্দেশ বাতিল কৰিবলৈ তেওঁৰ পত্নী ৰেজিয়া খাতুনৰ আবেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু সুস্মিতা ফুকন খাউণ্ডে গুৰুত্বপূর্ণ ৰায় আগবঢ়াইছে৷ ২০১৯ চনত চিৰাং জিলা বিদেশী ন্যায়াধিকৰণত এক দীঘলীয়া বিচাৰ প্রক্রিয়াৰ মাজেৰে বিদেশী ঘোষিত মজিবুৰ ৰহমানক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল যদিও ২০২১ চনত জামিনত মুক্ত হৈছিল৷ চাৰি বছৰ ধৰি বিদেশী ঘোষিত সত্ত্বেও মজিবুৰ ৰহমানক বাংলাদেশলৈ প্রত্যর্পণ কৰা হোৱা নাছিল৷ ২০২৫ চনত আৰক্ষীয়ে পুনৰ মজিবুৰ ৰহমানক গ্রেপ্তাৰ কৰি আদালতৰ নির্দেশক্রমে বাংলাদেশক প্রত্যর্পণ কৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে তেওঁৰ পত্নী ৰেজিয়া খাতুনে এই নির্দেশনাক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ সমগ্র গোচৰটোৰ তথ্য পৰীক্ষা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে প্রদান কৰা ৰায়টোত ৰাজ্যখনৰ অনুপ্রৱেশ সমস্যাক লৈ উদ্ভৱ হোৱা ভয়ংকৰ পৰিস্থিতিৰ ছবিখন উন্মোচন হৈছে৷ ৰেজিয়া খাতুনৰ আবেদন নাকচ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ৰায়দানত উল্লেখ কৰিছে যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিয়ে সংবিধানপ্রদত্ত মৌলিক অধিকাৰ লাভ কৰিব নোৱাৰে৷ বিদেশী ঘোষিত লোকক শীঘ্রে বহিষ্কাৰ কৰা উচিত৷ এইক্ষেত্রত প্রত্যর্পণ নহ’লে যিকোনো প্রকাৰে বাংলাদেশী লোকক বহিষ্কাৰ কৰিব লাগে৷ বাংলাদেশী অনুপ্রৱেশকাৰীয়ে অসমৰ জনগাঁথনিত ভয়াৱহ প্রভাৱ পেলাইছে বুলি উল্লেখ কৰি ন্যায়ালয়ৰ ৰায়টোত প্রকাশ কৰা হৈছে যে বাংলাদেশী অনুপ্রৱেশকাৰীৰ এনে আগ্রাসনক এক বাহ্যিক আক্রমণ আখ্যা দিব পাৰি৷ চিৰাং বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষিত মজিবুৰ ৰহমানে সুদীর্ঘ ছয় বছৰে আইনৰ গইনা লৈ কিদৰে সুৰক্ষিত জীৱন কটাইছে সেয়া আশ্চর্যকৰ ঘটনা৷ মাথোঁ মুজিবৰ ৰহমানেই নহয়, ৰাজ্যখনত বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা হাজাৰ হাজাৰ অবৈধ বাংলাদেশী পিলপিলাই আছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ৰাজ্যখনৰ পৰা বিদেশী লোকসকলক চিনাক্ত কৰিবলৈ বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হৈছিল৷ ৰাজকোষৰ পুঁজি ব্যয় কৰি চলি থকা বিদেশী ন্যায়াধিকৰণত ২০২৩ চনলৈ মুঠ ১,৫৩,১২৬গৰাকী অবৈধ নাগৰিকক বিদেশী বুলি ঘোষণা হৈছিল৷ আশ্চর্যজনক এয়ে যে বিদেশী ঘোষিত লোকসকলৰ মাথোঁ ৩২,১৯৩গৰাকী লোককহে প্রত্যর্পণ অথবা বহিষ্কাৰ কৰা হৈছে৷ বিদেশী ন্যায়াধিকৰণত দীঘলীয়া বিচাৰ প্রক্রিয়াত ডেৰ লক্ষাধিক লোক বিদেশী ঘোষিত সত্ত্বেও মাথোঁ ৩২ হাজাৰ লোককহে বহিষ্কাৰ কৰা হ’ল কিয়? ইয়াৰ মূলতেই হ’ল অবৈধ বাংলাদেশী লোকসকলক বিদেশী ঘোষণা কৰাৰ পিছতো তেওঁলোকক সুৰক্ষা দিয়াৰ এক বৃহৎ চক্র বিগত চাৰিটা দশক ধৰি ৰাজ্যখনত সক্রিয় হৈ আছে৷
অসমৰ জিলা আৰু মহকুমা সদৰত থকা বিদেশী ন্যায়াধিকৰণৰ স’তে প্রত্যক্ষ আৰু পৰোক্ষভাৱে সম্পর্ক স্থাপন কৰি এই চক্রটোৱে ঘোষিত বিদেশীসকলক সহায় কৰি আইনবিৰুদ্ধ আৰু দেশদ্রোহী কাম–কাজত লিপ্ত হৈছে৷ বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষণাৰ উমান পোৱাৰ লগে লগে সংশ্লিষ্ট অবৈধ বাংলাদেশী অনুপ্রৱেশকাৰীজন পলাতক হৈ থাকে৷ ইয়াৰ লগে লগে তৎপৰ হৈ উঠে একাংশ অধিবক্তা আৰু ৰাজনৈতিক দল–সংগঠনৰ নেতা৷ ঘোষিত বিদেশীজনক স্বদেশীত পৰিণত কৰিবলৈ বিভিন্ন নথি–পত্র আহৰণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে এই চক্রটোৱে৷ বিচাৰ প্রক্রিয়াৰ দীঘলীয়া পৰিক্রমাৰ সুযোগ লৈ বিদেশীসকলে আৰক্ষীৰ গ্রেপ্তাৰৰ পৰাও ৰক্ষা পোৱাৰ চেষ্টা চলায়৷ এনে ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ অবৈধ বাংলাদেশী সমস্যা দিনকদিনে ভয়াৱহ হৈ উঠিছে৷ বাংলাদেশৰ অনুপ্রৱেশৰ সমস্যাই ৰাজ্যখনৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তনৰ জৰিয়তে কিদৰে খিলঞ্জীয়া লোকসকলৰ দুর্যোগ নমাই আনিছে সেয়া এটা দশকৰ লোকপিয়লৰ তথ্যতে উন্মোচন হৈছে৷ ৰাজ্যখনৰ ১৬খন জিলাত ইতিমধ্যে বাংলাদেশীৰ আগ্রাসনত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকল সংখ্যালঘুত পৰিণত হৈছে৷ কিন্তু মুছলমানক তোষামোদৰ নামত বাংলাদেশী বিদেশীক মুকলিকৈ সমর্থন দিয়া ৰাজনৈতিক দল–সংগঠনৰ অভাৱ অসমত নাই৷ উচ্চতম ন্যায়ালয়ে আইএমডিটি আইনখন বাতিল কৰাৰ পিছতে বাংলাদেশী অনুপ্রৱেশকাৰীৰ সমর্থন আদায় কৰি ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ লক্ষ্যৰে ২০০৫ত বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হোৱা এআইইউডিএফে দীর্ঘসময় ৰাজনৈতিক মুনাফা লাভ কৰিলে৷ ২০১৪ত প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হোৱাৰ পিছত বিজেপিৰ আগ্রাসী ৰাজনীতিয়ে বাংলাদেশী মূলৰ লোকসকলৰ মাজত শংকা অধিক ঘনীভূত কৰিছে৷ এতিয়া বাংলাদেশী মূলৰ লোকসকলে আজমল নেতৃত্বাধীন এআইইউডিএফৰ বিপৰীতে কংগ্রেছক মুকলি সমর্থন দিছে৷ যোৱা লোকসভা নির্বাচনৰ ফলাফলতো এই ছবিখন স্পষ্ট হৈছে৷ চলিত বিহাৰ বিধানসভা নির্বাচনৰ সময়ত তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডীয়ে মুকলিকৈ কৈছে– কংগ্রেছ মানে মুছলমান, মুছলমান মানে কংগ্রেছ৷ দেশৰ স্বাধীনতা সংগ্রামক নেতৃত্ব দিয়া শতিকাপুৰণি কংগ্রেছ দলৰ এনে স্থিতি নিশ্চিতভাৱে দুর্ভাগ্যজনক৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে মহম্মদ আলী জিন্না নেতৃত্বাধীন মুছলিম লীগৰ ধর্মভিত্তিক দাবীক কেন্দ্র কৰি দেশ বিভাজন হৈছিল৷ এতিয়া দেশৰ স্বাধীনতাৰ প্রায় ৮ দশক পিছত কংগ্রেছে খিলঞ্জীয়া লোকসকলক এলাগী কৰি দলটোক মুছলমানৰ দলত পৰিণত কৰিবলৈ উঠি–পৰি লাগিছে৷ মাথোঁ মুছলমানৰ ভোটেৰে কোনো এটা ৰাজনৈতিক দলে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ মুছলমানক তোষামোদৰ নামত অবৈধ বাংলাদেশীক সুৰক্ষা দিয়া দলটোক কোনো কাৰণতে খিলঞ্জীয়া লোকসকলে বিশ্বাসত নলয়৷ এই কথা শতিকা পুৰণি দলটোৰ নেতৃত্বই উপলব্ধি নকৰিলে কংগ্রেছৰ ক্ষমতা দখলৰ সপোন দ্বিবাস্বপ্ণত পৰিণত হ’ব৷