বোমা বিস্ফোৰণ : দিল্লী-ত বন্ধ থাকিব এই পথবোৰ
আপাতকালীন পৰিস্থিতিৰ বাবে দিল্লীৰ চট্টা ৰেল কাটৰ পৰা সুভাষ মাৰ্গ কাটলৈকে থকা নেতাজী সুভাষ মাৰ্গৰ দুয়োটা পথ আৰু ছাৰ্ভিচ ৰোডত যান-চলাচল বন্ধ ৰখা হ’ব।
দিল্লী আৰক্ষীয়ে জানবলৈ দিয়াৰ মতে, নিশা ৬ বজাৰ পৰা পৰৱৰ্তী আদেশ নিদিয়ালৈ এই পথেৰে যান-বাহন চলাচলত নিষেধাজ্ঞা আৰু ডাইভাৰ্চন জাৰি থাকিব।
যাত্ৰীৰ সুবিধাৰ বাবে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে যাতায়াতত অসুবিধা নহয়।
চট্টা ৰেল কাটৰ পৰা সুভাষ মাৰ্গ কাটলৈকে আৰু বিপৰীত দিশত নেতাজী সুভাষ মাৰ্গত কোনো যানবাহনক যোৱাৰ অনুমতি দিয়া নহব।
ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ