নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক ৰক্তাক্ত কৰাৰ লক্ষ্য

পুনৰ ৰক্তাক্ত হ’ল ৰাজধানী দিল্লীৰ ৰাজপথ৷ ভাৰতবর্ষক অশান্ত কৰাৰ লক্ষ্যৰে পুনৰ পাকিস্তান সমর্থিত উগ্রপন্থীয়ে চলালে প্রাণঘাতী আক্রমণ৷ সপ্তাহৰ আৰম্ভণিৰ দিনাই নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত থকা নতুন দিল্লীত তিনিটা ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠে এটি বৃহৎ অঞ্চল৷ লালকিল্লা, মেট্র’ ষ্টেচনৰ সন্মুখত জনসমুদ্রৰে ভৰা ৰাজপথতে ঘটোৱা হ’ল এই ভয়াৱহ বিস্ফোৰণ৷ বিস্ফোৰণৰ ধ্বংসলীলা ইমানেই ভয়াৱহ আছিল যে বিস্ফোৰণৰ জুয়ে ২০খন গাড়ী আৱৰি ধৰে৷ বহুকেইখন গাড়ী নিমিষতে ছাইত পৰিণত হয়৷ পাকিস্তানী সমর্থনপুষ্ট উগ্রপন্থীয়ে বাৰে বাৰে সমগ্র দেশখন অশান্ত কৰিবলৈ ৰাজধানী চহৰখনক লক্ষ্য হিচাপে লৈ আহিছে৷ বিগত দুটা দশকত উগ্রপন্থীয়ে নতুন দিল্লীত একাধিক ভয়াৱহ বিস্ফোৰণ ঘটাইছে৷ এই বিস্ফোৰণত বহু লোকে প্রাণ হেৰুওৱাৰ লগতে অসংখ্যজন চিৰদিনৰ বাবে ঘুণীয়া হৈছে৷ ১০ নৱেম্বৰৰ বিস্ফোৰণৰ ঘটনাই বিগত সময়ছোৱাত সংঘটিত অনুৰূপ ভয়ংকৰ আক্রমণৰ স্মৃতি পুনৰ সজীৱ কৰি তুলিলে৷ ১৯৯৭ চনৰ পৰা প্রায় ধাৰাবাহিকভাৱে দিল্লী আক্রমণ কৰিছে মুছলমান মৌলবাদী সংগঠনে৷ ১৯৯৭ চনৰ ৯ জানুৱাৰীত দিল্লী আৰক্ষীৰ মুখ্য কার্যালয়ৰ বিপৰীত দিশত বোমা বিস্ফোৰণেৰে দেশৰ নিৰাপত্তা ব্যৱস্থালৈ তীব্র প্রত্যাহ্বান আগবঢ়াইছিল৷ এই ঘটনাত অর্ধশতাধিক লোক গুৰুতৰভাৱে আহত হৈছিল৷ সেই বছৰৰ পহিলা অক্টোবৰত সদৰ বজাৰ অঞ্চলত এটি শোভাযাত্রাৰ ওচৰত সংঘটিত দুটা বোমা বিস্ফোৰণত ৩০জনৰো অধিক লোক চিৰদিনলৈ ঘুণীয়া হৈছিল৷ ইয়াৰ ১০ দিনৰ পাছতে শান্তিবন, কোৰিয়াপুল আৰু কিংছৱে ৰেম্প অঞ্চলত তিনিটাকৈ বোমা বিস্ফোৰিত হৈছিল৷ এই ঘটনাত হতাহত হৈছিল ১৬জন নিৰীহ লোক৷ ইয়াৰ এসপ্তাহ পাছতে অর্থাৎ ১৮ অক্টোবৰত ৰাণীবাগ বজাৰ অঞ্চলত দুটাকৈ বোমা বিস্ফোৰণত এজন লোকৰ মৃত্যু হৈছিল আৰু আহত হৈছিল ২৩জন লোক৷ এই বছৰটোত শেষৰ ৩ মাহত কেইবাটাও বিস্ফোৰণৰ ঘটনা ঘটিছিল৷ ২৬ অক্টোবৰত বেৰলবাগ অঞ্চলত সংঘটিত দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৩৪জন লোক৷ ৩০ নৱেম্বৰত লালকিল্লাত সংঘটিত আন দুটা বোমা বিস্ফোৰণৰ ঘটনাত ৩জন লোকে প্রাণ হেৰুওৱাৰ লগতে আহত হয় ৭০জন লোক৷ ইয়াৰ ঠিক এমাহৰ পাছত ৩০ ডিচেম্বৰত পাঞ্জাবীবাগৰ ওচৰত চলন্ত বাছত বোমা বিস্ফোৰণত ৪জনৰ মৃত্যু হোৱাৰ উপৰি ৩০জন লোক আহত হৈছিল৷ ১৯৯৮ চনৰ ২৬ জুলাইতো কাশ্মীৰৰ ওচৰত আন্তঃৰাজ্যিক বাছ টার্মিনেলত ৰৈ থকা এখন বাছত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়৷ এই ঘটনাত ৫জন লোক হতাহত হৈছিল৷ পৰৱর্তী দুবছৰ দিল্লীত কিছু শান্তিময় পৰিৱেশে বিৰাজ কৰাৰ পাছত ২০০০ চনৰ ১৮ জুনত লালকিল্লাৰ সন্মুখতে দুটাকৈ বোমা বিস্ফোৰণ ঘটে৷ এই ভয়ংকৰ বিস্ফোৰণত দুজনৰ মৃত্যু হোৱাৰ উপৰি আহত হয় ১২জন লোক৷ এই ঘটনাত এটি ৮ বছৰীয়া শিশুও মৃত্যুমুখত পৰিছিল৷

২০০৫ চনত বোমা বিস্ফোৰণত পুনৰ কঁপি উঠে দিল্লী চহৰ৷ সেই বছৰৰ ২২ মে’ত দিল্লীত দুটা ছবিগৃহত উপর্যুপৰি সংঘটিত দুটাকৈ বোমা বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬০জন লোক আহত হৈছিল৷ এই বছৰতে ঘটা আন এক ভয়াৱহ বিস্ফোৰণৰ ঘটনাত সর্বাধিক প্রাণহানি হৈছিল৷ ২৯ অক্টোবৰত সৰোজিনী নগৰ, পাহাৰগঞ্জ মার্কেট আৰু গোবিন্দপুৰী অঞ্চলৰ একেখন বাছত তিনিটা বোমা বিস্ফোৰণৰ ঘটনাত ৫৯জন লোকৰ মৃত্যু হৈছিল৷ এই ভয়ংকৰ ঘটনাত আহত হৈছিল শতাধিক লোক৷ ২০০৬ চনৰ ১৪ এপ্রিলত পুৰণি দিল্লীৰ জামা মছজিদৰ পিছফালে ঘটা বোমা বিস্ফোৰণত ১৪জন লোক আহত হৈছিল৷ ২০০৮ চনৰ ১৩ ছেপ্টেম্বৰত কেৰলবাগ আৰু গ্রেটাৰ কৈলাস–১ অঞ্চলত ৪৫ মিনিটৰ ভিতৰত ইটোৰ পাছত সিটোকৈ ৫টা বোমা বিস্ফোৰণ ঘটে৷ এই ভয়াৱহ ঘটনাত ২৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় শতাধিক লোক৷ সেই বছৰৰে ২৭ ছেপ্টেম্বৰত কুটুব মিনাৰৰ বাৰৰ বিস্ফোৰণৰ ঘটনাত ৩জনৰ মৃত্যু আৰু ২১জন লোক আহত হয়৷ এই ঘটনাৰ প্রায় বিগত ১৮ বছৰ ৰাজধানী চহৰখনত এনে কূটাঘাত সংঘটিত হোৱা নাছিল৷ কেইবাবাৰো উগ্রবাদীয়ে আক্রমণৰ পৰিকল্পনা কৰিছিল যদিও ভাৰতৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট শক্তিশালী হোৱা বাবে বাৰে বাৰে সেই পৰিকল্পনা ব্যর্থ হৈছিল৷ কিন্তু ২০২৫ চনৰ ১০ নৱেম্বৰত পুনৰ লালকিল্লাৰ সন্মুখত এখন ৰাখি থোৱা গাড়ীত বোমা বিস্ফোৰণ সংঘটিত হ’ল৷ এই ঘটনাত এইপর্যন্ত ১৩জন লোকে প্রাণ হেৰুৱাইছে৷ উল্লেখ্য যে পেহেলগাম আক্রমণৰ প্রতিশোধ ল’বলৈ অপাৰেচন সিন্দূৰৰ জৰিয়তে জইছ–ই–মহম্মদৰ কঁকাল ভাঙি পেলাইছিল ভাৰতীয় সেনাই৷ সেই অভিযানত মৃত্যু হৈছিল মাছুদ আজহাৰৰ পৰিয়ালৰ ১১গৰাকী সদস্যৰ৷ এই ঘটনাৰ পাছতে ভাৰতৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ উদ্দেশ্যে মাছুদ আজহাৰৰ ভগ্ণী তথা চিকিৎসক শ্বাহিন শ্বাহিদক জইছ–ই–মহম্মদৰ মহিলা ব্রিগেড গঠনৰ দায়িত্ব দিয়া হৈছিল৷ এইগৰাকী শ্বাহিনক ফৰিদাবাদত ২,৯০০ কেজি বিস্ফোৰক উদ্ধাৰৰ ঘটনাত গ্রেপ্তাৰ কৰা হৈছিল৷ এই মহিলা ব্রিগেডৰ নাম জামাত–উল–মোমিনত৷ শ্বাহিনৰ স্বামী ইউছুফ আজহাৰ আছিল কান্দাহাৰ বিমান অপহৰণৰ মাষ্টাৰ মাইণ্ড৷ অপাৰেচন সিন্দূৰত নিহত হয় ইউছুফ৷ ভাৰতক ৰক্তাক্ত কৰাই লক্ষ্য এই মহিলা ব্রিগেডৰ৷ ধৃত শ্বাহিনেই এই কথা স্বীকাৰ কৰিছে৷

You might also like