পৰৱৰ্তী শীত হ’ব অসমৰ বাবে প্ৰত্যাহ্বানঃ ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ অসমত এই পৰ্যন্ত এজনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই যদিও ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে যুদ্ধকালীন তৎপৰতা । ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে লৈছে বহুকেইটা সিদ্ধান্ত । ব্যক্তিগত সংবাদ মাধ্যমত হোৱা এক সাক্ষাৎকাৰত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে বহু কেইটা গুৰুত্বপূৰ্ণ কথা ।
- চাহ বাগিছাসমূহ ৩১ তাৰিখলৈ বন্ধ থাকিব যদিও যদি কোনো চাহ বাগিছাৰ মালিক পক্ষই বাগিছা খোলাৰ বাবে চৰকাৰক আবেদন কৰে, তেন্তে ভাৰত চৰকাৰৰ গাইড লাইন অনুসৰি তেওঁলোকক কিছু নিৰ্দেশ বান্ধি দি চাহ বাগিছাসমূহ খুলিবলৈ দিব পাৰো ।
- লগতে আটা, চাউলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰাজ্যত যিখিনি উদ্যোগ আছে, সেইখিনি সীমিত সংখ্যক কৰ্মীৰে খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
- লগতে যিটো চাউল ১ টকা দৰত আছিল, সেয়া অহা ১ এপ্ৰিলৰ পৰা বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
- এপ্ৰিল, মে, জুন আৰু জুলাই মাহৰ যিখিনি বিধৱা পেন্সন দিব লগীয়া আছিল সেইখিনি এপ্ৰিলতে একেলগে ৪ মাহৰ ধন আগবঢ়োৱাৰ এক সিদ্ধান্ত লোৱা হৈছে ।
- ইপিনে অহা ৮ দিন অসমৰ বাবে হ’ব অতি জটিল সময়
- এই জটিল সময়ছোৱা সুকলমে পাৰ হ’লেই অসম ক’ৰোনাৰ পৰা শংকামুক্ত হ’ব
- পৰৱৰ্তী শীত অসমৰ বাবে প্ৰত্যাহ্বান হ’ব
- কাৰণ ক’ৰোনাৰ সৈতে চলা যুঁজ খন হ’ব দীঘলীয়া