নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ নৱেম্বৰ : নগৰবেৰাত দিনকদিনে বাঢ়িছে চোৰৰ সন্ত্ৰাস |যোৱানিশা নগৰবেৰা আৰক্ষী থানাৰ সন্মুখৰ পৰাই নিশা চোৰে নিলে পালছাৰ বাইক | স্মৰ্তব্য যে আজি কিছুদিনৰ পৰা নগৰবেৰাত ৰাস মহোৎসৱ চলি থকাৰ মাজতে সংঘটিত হৈছে একাধিক চুৰিকাণ্ড |
এইবাৰ আৰক্ষী থানাৰ সন্মুখৰ পৰাই চোৰে নিলে পালছাৰ বাইক। যোৱানিশা নগৰবেৰা ৰাসত আছিল কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান | গোৱালপাৰাৰ ৰাক্ষসিনী অঞ্চলৰ পৰা দুই যুৱক ক্ৰমে প্ৰদীপ সূত্ৰধৰ আৰু বিজিত সূত্ৰধৰে বাইকেৰে গৈছিল নগৰবেৰা ৰাসৰ সংগীতানুষ্ঠান চাবলৈ | যুৱক দুজনে তেওঁলোকে লৈ যোৱা এএছ-১৮ এম-৫৯৬২ নম্বৰৰ পালছাৰ বাইকখন নগৰবেৰা থানাৰ সন্মুখত থৈ উপভোগ কৰে সংগীতানুষ্ঠান | পিছে অনুষ্ঠানৰ শেষত গৈ তেওঁলোকে বাইকখন উক্ত স্থানত দেখা নাপায়। ধাৰণা কৰা মতে, বাইকখনৰ হেণ্ডেল লক ভাঙি চোৰে লৈ উধাও হয়।বাইক হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈ পৰে যুৱকদ্বয় |
উল্লেখ্য যে একে নিশাই নগৰবেৰাৰ আন এটা পৰিয়ালত চুৰিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। শীঘ্ৰেই চুৰি পালছাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে নগৰবেৰাত ধাৰাবাহিকভাৱে সংঘটিত চুৰিকাণ্ড ৰোধ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে।