ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : ঐতিহ্যমণ্ডিত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ২০২৩ চনত শতবর্ষ অতিক্রম কৰে৷ বিদ্যালয়ৰ শতবর্ষ পূর্তিৰ অনুষ্ঠানটো ব্যাপক উলহ–মালহেৰে উদযাপন কৰাৰ পৰিকল্পনা কৰি ইতিমধ্যে অনুষ্ঠিত কেইবাখনো সভাত উক্ত বিষয় সন্দর্ভত আলোচনা কৰা হয়৷ এই সম্পর্কে বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ অলপতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ উক্ত সভাতে শতবর্ষ সমাৰোহ উদযাপনৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হয়৷ পৰৱর্তী সময়ত অনুষ্ঠিত উদযাপন সমিতিৰ সভাত গ্রহণ কৰা সিদ্ধান্তমর্মে গুৱাহাটী মহানগৰীত বসবাস কৰা বা কর্মসূত্রে থকা বিদ্যালয়খনৰ প্রাক্তন ছাত্র–ছাত্রী তথা শুভাকাংক্ষীসকলক একত্রিত কৰি শতবর্ষ উদযাপন সন্দর্ভত আলোচনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেয়েহে অহা ১৬ নৱেম্বৰত আবেলি ৩ বজাত দিছপুৰস্থিত ছানভেলী হাস্পতাল চৌহদত এখন সভা আহ্বান কৰা হৈছে৷ উক্ত সভাত গুৱাহাটীস্থিত সকলো প্রাক্তন শিক্ষার্থী আৰু শুভাকাংক্ষীক উপস্থিত থকাৰ বাবে উদযাপন সমিতিয়ে আহ্বান জনাইছে৷ আবেলি ৩ বজাত অনুষ্ঠিত হ’বলগীয়া সভাৰ বিষয়ে সবিশেষ জানিবলৈ 98641-74745 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাই জনাইছে।