ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : শ্ৰীভূমি (কৰিমগঞ্জ)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চোকা অস্ত্ৰ লৈ আদালত চৌহদত প্ৰৱেশ কৰে এজন অপৰাধীয়ে।
ফকৰুল ইছলাম নামৰ অপৰাধীটোৱে বেগত চোকা অস্ত্ৰ ভৰাই আদালতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। এগৰাকী মহিলা আৰক্ষীৰ সন্দেহ হোৱাত বেগত তালাচী চলোৱাত বেগৰ ভিতৰৰ পৰা ওলায় এখন ডেগাৰ। লগে লগে এই বিষয়ে অৱগত কৰা হয় মুখ্য ন্যায়িক দণ্ডাধীশক। পিছত দণ্ডাধীশৰ নিৰ্দেশত আৰক্ষীৰ হাতত চমজাই দিয়া হয় ফকৰুল ইছলামক ।
উল্লেখ্য যে ২০২২ চনত ফকৰুল ইছলামৰ বিৰুদ্ধে নিজৰ পত্নীয়ে নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছিল। ১৪২১/২২ নম্বৰৰ গোচৰৰ ভিত্তিত আদালতত চলি আছিল বিচাৰ প্ৰক্ৰিয়া। তেনে অৱস্থাত আজি আছিল সাক্ষ্য গ্ৰহণৰ তাৰিখ। আজি ফকৰুল ইছলামে লগত চোকা অস্ত্ৰ লৈ আদালতত হাজিৰ হোৱাৰ চেষ্টা চলাই আৰক্ষীৰ হাতত আটক হয় । ইপিনে, ফকৰুল ইছলামৰ পূৰ্বৰ জামিন বাতিল কৰি মুখ্য ন্যায়িক দণ্ডাধীশে ফকৰুলৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত পৃথকে এটা গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।