টেক্সাছত অমৃতকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
জুবিন গাৰ্গ এক মাথোঁ নাম নহয়, জুবিন হৈছে অসমীয়া জাতীয় জীৱনৰ এক এৰাব নোৱাৰা অনুভৱ। সমগ্ৰ অসম প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত ম্ৰিয়মান হৈ থকাৰ মাজতো তেওঁৰ সৃ্ষ্টিৰাজিক চিৰকাল জীয়াই ৰখাৰ স্বাৰ্থত ভাৰতৰ বাহিৰতো প্ৰৱাসী অসমীয়াসকলে বিভিন্ন পদক্ষেপ হাতত লৈছে।
অলপতে অষ্টিন, টেক্সাছত সাংস্কৃতিক সংস্থা ‘লুইতপৰীয়া’ৰ উদ্যোগত দীপাৱলীত অমৰ শিল্পী জুবিন গাৰ্গক পৰম্পৰাগত অসমীয়া পদ্ধতিৰে গামোচা আৰু হাতেলিখা বাৰ্তাৰে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত তেওঁৰ কালজয়ী সৃষ্টি ‘মায়াবিনী’ শীৰ্ষক গীত আৰু নৃত্যৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে লুইতপৰীয়া পৰিয়ালে ১৬ নৱেম্বৰত অষ্টিনৰ SouthWest Theaterত জুবিন গাৰ্গৰ অন্তিমখন চলচিত্ৰ ‘ৰৈ ৰৈ বিনালে’ৰ সকলোৰে বাবে মুকলি স্ক্ৰীনিঙৰ ব্যৱস্থা কৰিছে কৰিছে।
লুইতপৰীয়াৰ এগৰাকী সদস্যই নিজৰ মত উল্লেখ কৰি কয় যে “জুবিন গাৰ্গবিহীন অসমীয়া জাতি কল্পনাতীত। তেওঁৰ অমৰ সৃষ্টিক আমি আজীৱন জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাই যাম।”
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ