আজিৰ দিনটোৰ ৰাশিফল
আজি ১৫ নৱেম্বৰ, কাতি মাহৰ ২৮ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণ একাদশী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই
মেষ : আনন্দ প্রাপ্তিৰ যোগ৷ কোনো কর্মত আনন্দ পাব৷ পৰিৱেশো প্রতিকূল নহ’ব৷ ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা আহিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
বৃষ : আপোনাৰ জাতিশীল কর্মৰ দ্বাৰা ঈপ্সিত আশা পূৰণৰ কাৰক৷ দুই–এটা কামত দুশ্চিন্তাও সোমাব৷ উপায়হীনে নতুন আশা দেখিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
মিথুন : সামাজিক ক্ষেত্রত উন্নত পৰিৱেশ নাপাব৷ অত্যন্ত শুভ কথাতো আপুনি সন্তোষ কম পাব৷ আর্থিকত ব্যয় বৃদ্ধি পাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কর্কট : সাৱধানে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্য আদিত যত্ন লওক৷ প্রেমত বিবাদ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
সিংহ : ফৰকাল অনুভৱ কৰিব৷ কর্মক্ষেত্রতো বিশেষ বাধা নাপাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ শৰীৰৰ বিশেষ সমস্যা নাথাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কন্যা : আকস্মিক অর্থপ্রাপ্তিৰ যোগ৷ ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব৷ শৰীৰ খুব উন্নত নহ’ব৷ অযথা দুশ্চিন্তা, দুৰাকাংক্ষাই আমনি কৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
তুলা : দুর্ভাবনা এৰাব নোৱাৰিব৷ অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব৷ কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা ৰাখক৷ শুভ ৰং ক্রীম বা নীলা, শুভ সংখ্যা ৪৷
বৃশ্চিক : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ আর্থিকতো বিশেষ কষ্ট নাপাব৷ বিদ্যাত মনোযোগ দিব পাৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
ধনু : শৰীৰ সম্পর্কে অলপ সচেতন থাকক৷ আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক৷ কিন্তু দুই–এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
মকৰ : দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত৷ আর্থিকত বেয়া দেখা নাযায়৷ শিল্প বিদ্যাত আনন্দ৷ দাম্পত্যত অলপ দুশ্চিন্তা থাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
কুম্ভ : কর্মব্যস্ততা বাঢ়িব৷ শৰীৰৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও পঢ়া–শুনা কৰি ল’ব৷ কর্মত নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি পাব৷ শুভ ৰং আকাশী বা ৰঙা, শুভ সংখ্যা ৮৷
মীন : পুৱা ১০টালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ ঘৰুৱাত শুভ কর্ম সম্পাদন৷ আর্থিকত মজলীয়া৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১১৷