নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ এনডিএৰ

১০ নৱেম্বৰত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাত পাকিস্তান সমর্থনপুষ্ট মুছলিম সন্ত্রাসবাদীয়ে সংঘটিত কৰা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনাটোৱে যোৱা পাঁচটা দিন দেশ উত্তাল কৰি আছে যদিও যোৱা মাহদিয়েক ধৰি দেশবাসীৰ দৃষ্টি নিবদ্ধআছিল প্রকৃততে বিহাৰতে৷ বিহাৰৰ বিধানসভা নির্বাচনক লৈ দেশৰ ৰাজনৈতিক দল আৰু ৰাজনৈতিক বিশ্লেষক–বিশেষজ্ঞসকলে নহয়, দেশৰ সাধাৰণ জনতাও বিহাৰৰ বিধানসভা নির্বাচনক লৈ আগ্রহী আছিল৷ অতীজৰে পৰা বিহাৰৰ বিধানসভা নির্বাচনে দেশৰ ৰাজনীতিত গুৰুত্ব লাভ কৰি আহিছে৷ দিল্লীৰ মছনদত পূর্বৰে পৰা উত্তৰ ভাৰতৰ ৰাজনীতিয়ে বহুল প্রভাৱ পেলাই আহিছে আৰু এই প্রভাৱত বিহাৰৰ ৰাজনীতিয়ে গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে৷ সেয়ে স্বাভাৱিকতে দেশৰ অন্যতম এখন জনবহুল ৰাজ্য বিহাৰৰ বিধানসভা নির্বাচনে দেশীয় ৰাজনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰি আহিছে৷ পূর্বৰ দৰে এইবাৰো বিহাৰৰ নির্বাচনক লৈ দেশজুৰি ৰাজনৈতিক চর্চা হৈছিল৷ একাংশ বিশ্লেষকে পূর্বানুমান কৰিছিল যে বিহাৰত এইবাৰ ৰাজনৈতিক পট পৰিৱর্তনৰ প্রচুৰ সম্ভাৱনা আছে৷ বিহাৰৰ বহু সাধাৰণ জনতাই মুখ্যমন্ত্রী নীতিশ কুমাৰৰ শাসনত বিতুষ্ট হৈছে আৰু সেয়ে এনডিএৰ বিকল্প হিচাপে মহাজোঁটবন্ধনৰ প্রতি আকর্ষিত হৈছে৷ কিন্তু ১১ নৱেম্বৰৰ অন্তিম পর্যায়ৰ ভোটগ্রহণৰ পিছত প্রকাশিত এগজিট প’লে এই ৰাজনৈতিক বিশ্লেষকসকলৰ মতামতক সম্পূর্ণৰূপে নস্যাৎ কৰি বিহাৰত পুনৰ এনডিএৰ চৰকাৰে হ’ব বুলি প্রকাশ কৰিছিল৷ অৱশ্যে এগজিট প’লত যি কথা প্রকাশ পোৱা নাছিল সেই অভাৱনীয় ফলাফলেই দেখা গ’ল বিহাৰৰ ভোটগণনাত৷ এই সম্পাদকীয় প্রস্তুত কৰি থকা সময়লৈকে বিহাৰত বিপুল ঐতিহাসিক বিজয়ৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰৰ আৰজেডি আৰু বিজেপিৰ এনডিএ৷ এই সময়লৈ মুখ্য ২৪৩খন আসনৰ ভিতৰত অবিশ্বাস্যভাৱে ২০৩খন আসনত আগবাঢ়ি আছে এনডিএ৷ আনহাতে, মহাজোঁটবন্ধনে মাত্র ৩৩খন আসনতহে অগ্রগতি ল’বলৈ সক্ষম হৈছে৷ এনডিএ এনে বিপুল বিজয়ৰ দিশে আগবাঢ়িব সেই কথা কোনো ৰাজনৈতিক বিশ্লেষকেই পূর্বানুমান কৰিব পৰা নাছিল৷ পূর্বানুমান কৰিব পৰা নাছিল এগজিট প’লেও৷
২০২০ৰ বিধানসভা নির্বাচনৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল৷ তেতিয়া একাংশই এয়া এণ্টী–এষ্টাব্লিছমেণ্ট ভোট বুলি ক’ব খুজিছিল৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই এয়া এনডিএৰ সু–শাসনৰ ভোট বুলি প্রকাশ কৰিছিল৷ প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ্যে কৈছিল যে এই বর্ধিত ভোট শাসনাধিষ্ঠিত এনডিএৰ পক্ষত আহিব৷  ভোটগণনাৰ প্রাৰম্ভিক স্তৰৰ পৰাই এনডিএৰ পক্ষত যি ছুনামি আৰম্ভ হৈছিল তাৰ পৰাই নিশ্চিত হৈছিল যে মোদী অথবা শ্বাহৰ পূর্বানুমান কেনে সঠিক আছিল৷ বিহাৰৰ নির্বাচনৰ ফলাফলে এই কথা নিশ্চিত কৰিছে যে বিৰোধৰ নামত বিৰোধীয়ে কৰা চমকবাজিক এতিয়াৰ ভোটাৰে প্রশ্রয় নিদিয়ে৷ বিপৰীতে এতিয়াৰ ভোটাৰে, বিশেষকৈ নৱপ্রজন্মৰ ভোটাৰে ষ্টেবিলিটীকহে অধিক গুৰুত্ব দিয়ে৷ দেশ আৰু ৰাজ্যৰ আর্থিক উন্নয়ন–বিকাশ আৰু প্রশাসনিক সুস্থিৰতা আজিৰ ভোটাৰৰ বাবে মূল ইছ্যু৷ এই গুৰুত্বপূর্ণ ইছ্যুতেই সুস্থিৰতা প্রদান কৰি বিজেপি নেতৃত্বাধীন এনডিএই বাজিমাৎ কৰিবলৈ সক্ষম হৈছে৷ যাৰ বাবে প্রশান্ত কিশোৰৰ জন সুৰজ পার্টীয়ে বহু ছিৰিয়াছ ৰাজনীতি কৰিও বিহাৰত সামান্যতম প্রভাৱো পেলাব নোৱাৰিলে৷ এসময়ত বিজেপি দলৰ অন্যতম ৰাজনৈতিক পৰামর্শদাতা তথা দলটোৰ ৰাজনৈতিক উত্থানত প্রভূত অৰিহণা যোগোৱা বুলি চর্চা হোৱা প্রশান্ত কিশোৰৰ এই শোচনীয় পৰাজয়ে পুনৰ প্রমাণ কৰিছে যে বিহাৰৰ ৰাজনীতি দেশৰ অন্য প্রান্তৰ ৰাজনীতিতকৈ সম্পূর্ণ পৃথক৷ এনডিএৰ অভাৱনীয় উত্থানৰ বিপৰীতে এই সময়ত সকলোতকৈ চর্চা হৈছে কংগ্রেছৰ ভৰিৰ তলৰ শেষ মাটিকণো হেৰুওৱাৰ শোচনীয় পৰাজয়৷ প্রশ্ণ উঠিছে– ইয়াৰ পিছত আৰু কিমান তললৈ নামিব কংগ্রেছ? এসময়ত প্রায় অর্ধশতিকা ধৰি দেশ শাসন কৰা কংগ্রেছ দলটো এতিয়া ক্রমশঃ পৰাজয়ৰ অটল গহ্বৰলৈ নিক্ষেপিত হৈছে৷ স্বাভাৱিকভাৱেই বিহাৰত এনডিএৰ অভূতপূর্ব জয় ২০২৬ৰ বিধানসভা নির্বাচনলৈ কেইটামান মাহ বাকী থকা সময়ত অসমৰ বিজেপি চৰকাৰৰ বাবেও যথেষ্ট ইতিবাচক দিশ হৈ পৰিছে৷

You might also like