নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত মাতৃৰ অজ্ঞাতে শিশু সন্তানক বিক্ৰী হৃদয়হীন পিতৃৰ, ধৃত দালাল

ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : শিশু দিৱসৰ দিনা শিলচৰত সংঘটিত হয় শিশু বিক্ৰীৰ দৰে এক ভয়ংকৰ ঘটনা। এজন হৃদয়হীন পিতৃয়ে নিজ শিশু সন্তানক ৪০ হাজাৰ টকাৰ বাবে বিক্ৰী কৰে।

জানিব পৰা মতে, শ্ৰীভূমিৰ এগৰাকী মহিলাই শিলচৰ মেডিকেল কলেজত জন্ম দিছিল এটি শিশু সন্তান। জন্মৰ পাছত মাতৃসহ শিশুটিক নিজৰ মধুৰবন্ধৰ ভাৰাঘৰলৈ লৈ যোৱা হয় ৷ ইয়াৰ পাছত শিশুটিৰ পিতৃয়ে মহিলাসহ শিশুটিক শ্ৰীভূমিস্থিত বাসভৱনলৈ লৈ যোৱাৰ কথা কৈ দ্বিতীয় পত্নীৰে মিলি শিশুটিৰ মাতৃক এখন বাছত বহুৱাই শিশুটিক কাছাৰৰ আৰকাটিপুৰৰ এটা পৰিয়ালৰ কাষত ৪০ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে।

ঘটনাৰ পাছত নৱজাতক শিশুটিৰ মাতৃয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত আৰক্ষীৰ কাষ চাপে আৰু শিলচৰ সদৰ থানাত শিশুটিৰ মাতৃয়ে তৰে এক গোচৰ। গোচৰৰ ভিত্তিত তদন্তত নামি আৰক্ষীয়ে বিক্ৰী কৰা নৱজাতক শিশুটিক আৰকাটিপুৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে শিশুটি বিক্ৰীৰ ঘটনাত জড়িত শিলচৰ মধুৰবন্দৰ আমিৰ হুছেইন নামৰ এটা দালালক গ্ৰেপ্তাৰ কৰে ৷ যি দালালে শিশুটি বিক্ৰী কৰাত শিশুটিৰ পিতৃ আৰু মাহীমাকক সহযোগিতা কৰিছিল।

ইপিনে, আৰক্ষীয়ে দালাল আমিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমানেও পলাতক হৈ আছে শিশুটিৰ পিতৃ আৰু মাহীমাক। ঘটনাক লৈ শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

You might also like