নিয়মীয়া বাৰ্তা, আমগুৰি ১৫ নৱেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি নগৰকে মুখ্য কৰি সমীপৱৰ্তী সমূহ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে মহান শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অহা ১৮ নৱেম্বৰত এটি ৰক্তদান শিবিৰৰ আয়োজন কৰিছে।
আমগুৰি নগৰস্থিত মাৰোৱাৰী বিবাহ ভৱনত আমগুৰি মাৰোৱাৰী যুৱ মঞ্চ, পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সন্মিলন, আমগুৰি শাখা আৰু পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী মহিলা সন্মিলনৰ আমগুৰি শাখাৰ উদ্যোগত সেইদিনা পুৱা ৯.৩০ বজাত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট চিকিৎসক ডাঃ হেমেন গগৈয়ে।
আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰ কমল ফুকনে উদ্বোধন কৰিব লগা ৰক্তদান শিবিৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমগুৰি সামূহিক চিকিৎসা কেন্দ্ৰৰ অধীক্ষক ডাঃ লীনা শইকীয়া। উদ্বোধনী অনুষ্ঠানৰ পিছতে পুৱা ১০ বজাৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু পৰিচাৰিকাৰ উপস্থিতিত ৰক্তদান শিবিৰ আৰম্ভ হ’ব। উক্ত ৰক্তদান শিবিৰত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সক্ৰিয় সহযোগিতা উদ্যোক্তাসকলৰ হৈ শংকৰ লাল লোহীয়া, গোপাল বাহেতি, চৌহানলাল মুন্দ্ৰা, প্ৰকাশ সুৰেকা আৰু নন্দকিশোৰ সাৰদাই আন্তৰিকতাৰে কামনা কৰিছে।