বিশ্বৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে নজিৰ জাদেজাৰ…
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ইডেন টেষ্টত এক অনন্য নজিৰ গঢ়িলে ভাৰতীয় দলটোৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই৷ টেষ্ট ক্রিকেটত ৪ হাজাৰ ৰান আৰু ৩০০ উইকেট দখল কৰাৰ বিশ্বৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে গৌৰৱ অর্জন কৰে জাদেজাই৷
তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে দক্ষিণ আফ্রিকাৰে খেলি থকা প্রথমখন টেষ্টৰ কালি দ্বিতীয় দিনা এই মাইলষ্টোনত প্রৱেশ কৰে৷ এই অনন্য কৃতিত্বৰে জাদেজাই কিংবদন্তি খেলুৱৈ ইয়ান ব’থাম, কপিল দেৱ আৰু ডেনিয়েল ভেট্টৰীৰ ক্লাবত প্রৱেশ কৰে৷ জাদেজাই ৮৭খন টেষ্টত এই অভিলেখ অর্জন কৰি দ্বিতীয়গৰাকী বলাৰ হিচাপে পৰিগণিত হয়৷ ইংলেণ্ডৰ প্রাক্তন তাৰকা অলৰাউণ্ডাৰ বথামে ৭২খন টেষ্টত এই নজিৰ গঢ়িছিল৷ বথামে ক্রিকেট কেৰিয়াৰত ৫,২০০ ৰান কৰাৰ লগতে ৩৮৩টা উইকেট দখল কৰিছিল৷
ইফালে, টীম ইণ্ডিয়াৰ প্রাক্তন কিংবদন্তি খেলুৱৈ কপিল দেৱে ১৩১খন টেষ্টত ৫,২৪৮ ৰান কৰাৰ লগতে ৪৩৪টা উইকেট দখল কৰিছিল৷ নিউজিলেণ্ডৰ ডেনিয়েল ভেট্টৰীয়ে ১১৩খন টেষ্টত ৪,৫৩১ ৰান কৰাৰ লগতে ৩৬২টা উইকেট দখল কৰিছিল৷