বিশেষ বাৰ্তা, সোণাৰি, ২০ নৱেম্বৰ : অসমত বসবাস কৰা টাই আহোমসকলে স্বৰাজোত্তৰ কালৰ পৰাই জনজাতিৰ মৰ্যাদা বিচাৰি বিভিন্ন সময়ত দাবী জনাই আহিছে। কিন্তু আজিকোপতি কোনো এখন চৰকাৰে টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্রদান কৰা নাই। বিজেপিশাসিত চৰকাৰখনেও নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ যি প্রতিশ্রুতি প্রদান কৰিছিল, চৰকাৰ গঠনৰ পিছত কিন্তু সেই প্রতিশ্রুতি পূৰণৰ বাবে এই পর্যন্ত কোনো বিশেষ কার্যব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)-এ বিগত দুটা দশক ধৰি টাই আহোম জনগোষ্ঠীটোক ভাৰতীয় সংবিধানৰ ভিতৰত অনুসূচিতকৰণ কৰিবৰ বাবে দাবী জনাই অহাৰ লগতে এই বিষয়ত নিৰৱচ্ছিন্নভাৱে সংগ্রাম চলাই আহিছে।
কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰেও বিভিন্ন সময়ত বিভিন্ন পর্যায়ত জনজাতিকৰণ প্ৰসংগত যিসমূহ আলোচনা অনুষ্ঠিত কৰিলে সেই সকলোবোৰ পৰৱৰ্তী সময়ত ভেল্কীবাজিলৈ ৰূপান্তৰিত হ’ল। অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণে অসমৰ মাটি, ভেটি আৰু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে টাই আহোমৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান কৰি অসমৰ মাটি, অসমৰ ভেটি, অসমৰ সংস্কৃতি সুৰক্ষিত নকৰাৰ প্রতিবাদত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি আজি জিলা সদৰ সোণাৰি নগৰৰ মাজমজিয়াত থকা লাচিত উদ্যানৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী হাতত লয়। কার্যসূচীত অংশগ্ৰহণ কৰা জিলা সমিতিয়ে অনাগত দিনত চৰকাৰে উক্ত দাবীৰ কোনো উচিত পদক্ষেপ নল’লে ভয়াৱহ আৰু জংগী গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে।
অৱস্থানস্থলীত উপস্থিত থকা টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা হেমন্ত চাংমাই, সভাপতি ৰাণা ৰঞ্জন গগৈ, উপ-সভাপতি নিতুল গগৈ, সাধাৰণ সম্পাদক উদীপ্ত গগৈয়ে সংবাদ মাধ্যমৰ যোগে চৰকাৰক শীঘ্ৰে দাবী পূৰণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ অন্যথা অসমত অনাগত সময়ত ইয়াতকৈও ভয়াৱহ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ টাইপা সাজু থাকিব বুলিও সকীয়াই দিছে।