নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত দশমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে…

নিউজ ডেস্ক, ২০ নৱেম্বৰ : বিহাৰৰ সদ্যসমাপ্ত বিধানসভা নির্বাচনত এনডিএৰ বিপুল বিজয়ৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে। পাটনাৰ গান্ধী ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰূপে নীতিশ কুমাৰক শপতবাক্য পাঠ কৰায় ৰাজ্যপাল আৰিফ মহম্মদ খানে। এই শপতগ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি NDA আৰু বিজেপিশাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী।

উল্লেখ্য যে নীতিশ কুমাৰৰ বিদায়ী চৰকাৰখনত উপ-মুখ্যমন্ত্ৰী আছিল সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা। সূত্ৰ মতে, তেওঁলোক দুয়োজনে পুনৰ ডেপুটি চি এম হিচাপে শপত লয়। ইয়াৰ ভিতৰত সম্ৰাট চৌধুৰীক বিহাৰ বিজেপিৰ সংসদীয় দলনেতা নিৰ্বাচিত কৰা হৈছে। বিজয় সিনহা হৈছে উপ-দলনেতা। মুঠতে ১৯জন নেতাই মন্ত্ৰীপদত শপত লয়। মন্ত্ৰীসভাৰ আবণ্টনৰ পিছত স্পষ্ট হৈ পৰিছে যে এন ডি এ জোঁটত ‘বিগ ব্ৰাদাৰ’ এতিয়াও বিজেপিয়েই। ১৯ জনীয়া মন্ত্ৰীসভাত ১০জনেই বিজেপিৰ। অৱশ্যে পিছলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে মন্ত্ৰী হিচাপে শপত লৈছে জেডিইউৰ বিজয় কুমাৰ চৌধৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, শ্ৰৱণ কুমাৰ, অশোক চৌধৰী, লেছী সিং, মদন সাহনী, সুনীল কুমাৰ আৰু মহম্মদ জামা খান। বিজেপি বিধায়কসকলৰ ভিতৰত সম্ৰাট আৰু বিজয়ৰ উপৰি শপত লৈছে দিলীপ জয়ছোৱাল, মংগল পাণ্ডে, সঞ্জয় সিং টাইগাৰ, ৰমা নিষাদ, অৰুণশংকৰ প্ৰসাদ, ৰামকৃপাল যাদৱ, নীতিন নবীন আৰু সুৰেন্দ্ৰ প্ৰসাদ মেহতা। জিতনৰামৰ দল হামৰ হৈ মন্ত্ৰী হিচাপে শপত লৈছে সন্তোষ সুমনে।

You might also like