বাংলাদেশ সীমান্তৰে ভাৰতত আক্রমণৰ ফন্দি জইছৰ, আত্মঘাতী বোমা বিস্ফোৰণৰ বাবে পুঁজি সংগ্রহ অভিযান
নিউজ ডেস্ক, ২০ নৱেম্বৰ : ভাৰতৰ বিৰুদ্ধে পুনৰ সক্রিয় হৈ উঠিছে পাকিস্তান সমৰ্থিত সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদ৷ শেহতীয়া খবৰ মতে, ভাৰতত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰাৰ বাবে ব্যাপক হাৰত পুঁজি সংগ্রহৰ অভিযানত নামিছে সন্ত্রাসবাদী সংগঠনটো৷
লালকিল্লাৰ ওচৰত অলপতে সংঘটিত বোমা বিস্ফোৰণটোৰ সৈতে সম্পর্কিত সংগঠনটোৱে ডিজিটেল প্রক্রিয়াৰে ধন সংগ্রহৰ চেষ্টা চলাই আছে আৰু সম্প্রতি সংগঠনটোৱে মহিলাৰ নেতৃত্বত আক্রমণ সংঘটিত কৰাৰ পৰিকল্পনা ৰচিছে৷ প্রাপ্ত খবৰ মতে, সংগঠনটোৰ নেতাসকলে ঘোষণা কৰিছে যে মুজাহিদসকলক সহায় কৰোঁতাকো ‘জেহাদী’ বুলি বিবেচনা কৰা হ’ব৷
জইছে ইতিমধ্যে মাছুদ আজাহাৰৰ ভগ্ণী ছাদিয়াৰ নেতৃত্বত এটা মহিলা গোট সক্রিয় কৰি ৰাখিছে৷ লালকিল্লা বিস্ফোৰণৰ এগৰাকী মূল অভিযুক্ত ডাঃ ছাহিনা চয়িদ ওৰফে মেডাম ছার্জনে আক্রমণটোৰ বিত্ত যোগানৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ ডাঃ ছাহিনা চয়িদো জামাত–উল–মুনিয়াত নামৰ মহিলা গোটটোৰ এগৰাকী সদস্য আছিল বুলি জনা যায়৷ অপাৰেচন সিন্দূৰৰ পিছত সন্ত্রাসবাদী সংগঠনটোৱে গভীৰ বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ পিছত পাকিস্তান চৰকাৰে সন্ত্রাসবাদী নেতৃবৃন্দক আওপকীয়াকৈ বিত্তীয় সাহায্য প্রদান কৰে আৰু পাকিস্তানী সেনাই তেওঁলোকক প্রশিক্ষণ আৰু কার্যকলাপ চলোৱাৰ বাবে সুৰক্ষিত ঠাই প্রদান কৰে৷
বাতৰি মতে, পাকিস্তান সেনাৰ এছএছজিয়ে জইছৰ সন্ত্রাসবাদীসকলক প্রশিক্ষণ প্রদান কৰি আছে আৰু এই সম্পর্কীয় অনেক ভিডিঅ’ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে৷ আনহাতে, চোৰাংচোৱাৰ নতুন তথ্য মতে আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদী হাফিজ চয়িদৰ নেতৃত্বত পাকিস্তানৰ সন্ত্রাসবাদীসকলে বাংলাদেশ সীমান্তৰে ভাৰতত আক্রমণ চলোৱাৰ নতুন পাং পাতিছে৷ পাকিস্তানৰ খাইৰপুৰ টামেৱালীত যোৱা ৩০ অক্টোবৰত অনুষ্ঠিত এখন সমাৱেশৰ এটা ভিডিঅ’ৰ পৰা এই উদ্বেগজনক তথ্য লাভ কৰা গৈছে৷ লস্কৰ-ই-তৈবাৰ জ্যেষ্ঠ কমাণ্ডাৰ ছৈফুল্লা ছৈফে সমাৱেশখনত দাবী কৰে যে চৈয়দে হাত সাবটি বহি থকা নাই, বৰং বাংলাদেশ হৈ ভাৰতত আক্রমণ চলোৱাৰ বাবে সক্রিয়ভাৱে পৰিকল্পনা চলাই আছে৷ চোৰাংচোৱাৰ নতুন তথ্য মতে, জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাকে ধৰি আগশাৰীৰ সন্ত্রাসবাদী সংগঠনসমূহে লগে–ভাগে নতুনকৈ এলানি আক্রমণ সংঘটিত কৰাৰ প্রস্তুতি চলাই আছে৷