নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত ঢকুৱাখনাৰ চহা কৃষক…

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২০ নৱেম্বৰ : এয়া আঘোণৰ বতৰ ৷ সোণগুটিৰ সোণোৱালী ৰঙে হাতবাউলি মাতে চহা কৃষিজীৱী অসমীয়াক। বাৰিষাৰ ঘাম সৰা বোকাময় পথাৰত এতিয়া সোণালী হৈ জিলিকিছে আঘোণৰ পথাৰ। শাওণমহীয়া পথাৰত কপালৰ ঘাম মাটিত পেলাই সপোন ৰচা সোণগুটি এতিয়া ঘৰলৈ আদৰাৰ সময়৷ অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত অসমৰ গ্ৰাম্য সমাজ। পকা ধানে ভৰি পৰা পথাৰত কৃষকৰ হাতৰ কাঁচিত মুঠি বান্ধিছে আই-পিতাইৰ সপোন। কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাইছে কৃষকৰ পথাৰ । জাক জাক দাৱনীৰ জাকৈয়া হাঁহিত হালিজালি নাচি উঠিছে সোণোৱালী ধাননিডৰাও ।

ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে কৃষিসৰ্বস্ব ঢকুৱাখনা সম-জিলাৰ বিভিন্ন প্ৰান্তৰ পথাৰৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে। সপোনৰ সোণগুটিৰে সোণোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যস্ত ঢকুৱাখনাৰ দাৱনী তথা চহা কৃষকসকল। লিহিৰি আঙুলিৰে মুঠিমৰা কেচ্ কেচ্ কাঁচিবোৰৰ যেন চলিছে প্রতিযোগিতা কোনে কিমান কাটিব পাৰে ধান । জোনভেৰীয়া কাঁচিৰ খেচ খেচ শব্দৰে ছন্দোময় হৈ পৰিছে সোণোৱালী পথাৰ। প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈ কৃষক-দাৱনী ব্যস্ত হৈ পৰিছে ধান কটাত। নাই ভাগৰ, নাই মনৰ দুখ। আছে কেৱল প্ৰাপ্তিৰ আনন্দ, সন্তুষ্টিৰ হাঁহি। এয়া যে আঘোণৰ বতৰ। ৰাতিপুৱাৰে পৰা পথাৰত দেখা গৈছে কৃষকৰ ব্যস্ততা।

আনহাতে, দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰি বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল । হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ। আঘোণৰ পথাৰৰ সোণোৱালী ধাননিডৰা চপাই থকাৰ মাজতে কোনোৱে জুৰিছে বিহুনাম, দূৰৈৰ পৰা ভাহি আহিছে ঐনিতম। পুৱাৰ পৰা গধূলিলৈকে প্রায় মাহজোৰা কঠোৰ পৰিশ্ৰম। পিছে এই হাড়ভগা শ্ৰমৰ পাছতো ক্লান্ত- ভাগৰুৱা নহয় দাৱনী-কৃষকসকল। কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ, অথচ বুকুত অপাৰ আনন্দ। হাঁহি-খিকিন্দালিৰ মাজেৰেই হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰজোৰা সপোনবোৰ। আনন্দ-উলাহৰ মাজেৰেই দুপৰীয়া কলপাতত নিমখ-জলকীয়াৰে পথাৰৰ মাজত আলিত বহি জুতি লৈছে ৰবাব টেঙাৰ।

আনহাতে, কৃষকসকলৰো আহৰি নাই। কোনোজনে তমাল চাঁচিছে।কোনোজনে দাৱনীৰ সমানে সমানেই শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাঁজিছে ঠৰ। কান্ধভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্রত্যয়। ঘৰমুৱা বেলিটো মূৰতে লৈ। হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ।

You might also like