নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত হ’ব ৬০খনতকৈ অধিক দেশৰ বাবে ভিছা সুবিধা কেন্দ্ৰ, অসম তথা উত্তৰ-পূববাসীৰ বাবে সুখবৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : অসম তথা সমগ্ৰ উত্তৰ-পূববাসীৰ বাবে সুখবৰ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এই সুখবৰ। সেই অনুসৰি ভিছাৰ বাবে আবেদন কৰা শীঘ্ৰে অত্যন্ত সহজ হৈ উঠিব অসমৰ লগতে সমগ্ৰ উত্তৰ-পূববাসীৰ বাবে। কাৰণ গুৱাহাটীত স্থাপন হ’ব এটা নতুন ভিছা সুবিধা কেন্দ্ৰ। এই কেন্দ্ৰৰ দ্বাৰা আবেদনকাৰীসকলে দিল্লী বা মুম্বাইলৈ যাত্ৰা নকৰাকৈয়ে বায়’মেট্ৰিক্স ডাটা জমা দিবলৈ সক্ষম হ’ব, যি বহুতৰ বাবে ইমানদিনে এটা ডাঙৰ সমস্যা হিচাপে থিয় দিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এই খবৰটো জনাই কয় যে ভিছা সেৱাৰ প্ৰয়োজন হোৱা লোকসকলৰ বাবে ই এটা ডাঙৰ সুবিধা। তেওঁ কয়- ভিছা আবেদনৰ বাবে বায়’মেট্ৰিক্স দিবলৈ দিল্লী বা মুম্বাইলৈ দীঘলীয়া যাত্ৰা কৰিবলগীয়া হৈছিল। কিন্তু শীঘ্ৰেই এই প্ৰক্ৰিয়া অসম আৰু উত্তৰ-পূববাসীৰ বাবে ইতিহাস হৈ পৰিব। তেওঁ কয় যে ভি এফ এছ গ্লোবেলে মূলতঃ গুৱাহাটীত ৬০+ দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সন্মতি প্ৰকাশ কৰিছে। তদুপৰি খুব সোনকালেই কোন কোন দেশৰ ভিছা আবেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য অৱগত কৰাব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

গুৱাহাটীত স্থাপন হ’বলগীয়া নতুন কেন্দ্ৰটোৱে ৬০খনতকৈও অধিক দেশৰ বাবে ভিছা সেৱা প্ৰদান কৰিব। ফলত বিদেশলৈ যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবে ই অত্যন্ত সহায়ক হৈ উঠিব। বিশ্বজুৰি ভিছা কেন্দ্ৰ চলোৱা সংস্থা VFS Global-এ গুৱাহাটীত এই সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ অনুমতি দিছে। যদিও চৰকাৰে এতিয়ালৈকে দেশকেইখনৰ সম্পূৰ্ণ তালিকা বা কেন্দ্ৰ খোলাৰ তাৰিখ ঘোষণা কৰা নাই।

You might also like