নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত আপত্তি কিয় কংগ্রেছৰ, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে মুখ্যমন্ত্রী

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ : ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে থকালৈ ৰাজ্যত মিঞা শান্তিত থাকিব নোৱাৰে বুলি দিয়া হুংকাৰক লৈ বিৰোধী কংগ্রেছে কৰা সমালোচনাৰ প্রত্যুত্তৰ দিলে ড০ শর্মাই৷ শেহতীয়াকৈ মিঞাক লৈ মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈছিল কংগ্রেছ নেতা ৰিপুণ বৰা৷ মুখ্যমন্ত্রীৰ মন্তব্য সাম্প্রদায়িক বুলি উল্লেখ কৰি অসম আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজুৰো আহ্বান জনাইছিল ৰিপুণ বৰাই৷

কংগ্রেছৰ এনে আহ্বানক লৈয়ে সৰৱ হ’ল মুখ্যমন্ত্রী ড০ শর্মা৷ তেওঁ কয়– নিজাববীয়া গোচৰ কিয় ল’ব লাগে? সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত আপত্তি কি? আমাৰ সংবিধানত সন্দেহযুক্ত মিঞাৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই৷ যদি কোনোবাই নিজে গাত পাতি নিজকে নিজে সন্দেহজনক কৰে, তাক মই বাধা দিব নোৱাৰোঁ৷ যিয়ে ভাৰতীয় নাগৰিক তেওঁ গাত পাতি নলয়৷ যিয়ে নিজে ভাবে যে তেওঁ সন্দেহজনক, তেওঁৰহে গাত লাগিব৷ তাৰ মানে ৰিপুণ বৰাই ইনডাইৰেক্টলী অসমৰ মিঞাসকলক সন্দেহজনক বুলি কৈছে৷ মই কিন্তু তেনেকৈ কোৱা নাই৷ মই সন্দেহজনক মিঞাৰ বিৰুদ্ধেহে কৈছোঁ৷ সন্দেহজনক মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত আপত্তি কিয় কংগ্রেছৰ ?

আনহাতে, মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব বুলি পুনৰ স্পষ্ট কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– উচ্ছেদৰ বিৰুদ্ধে তৎপৰ হোৱা কংগ্রেছে ৬০ বছৰ ৰাজত্ব কৰিছিল, তেতিয়া এই লোকসকলক কিয় মাটিৰ পট্টা নিদিলে? তেওঁলোকে মাটিৰ পট্টা দিব পাৰিলেহেঁতেন, কিন্তু নিদিলে৷ যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা বনভূমিত বহিছে, তেওঁক উঠাই আনি গাঁৱত মাটিৰ পট্টা দিলেহেঁতেন, আজি উচ্ছেদ নহ’লহেঁতেন৷ এয়া সঁচা কথা৷ কংগ্রেছক তেওঁলোকে ভোট দিছে, ইয়াৰ বিপৰীতে তেওঁলোকৰ হৈ কাম কৰা নাই৷ গতিকে তেওঁলোকে কংগ্রেছক নিশ্চয় প্রশ্ণ কৰিব৷

উল্লেখ্য যে উচ্ছেদক লৈ এইবাৰ কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈছে একাংশ উচ্ছেদিত লোক৷ শেহতীয়াকৈ মিঞাৰ আটাইতকৈ ডাঙৰ শত্রু কংগ্রেছ আৰু ৰকিবুল হুছেইন বুলি মন্তব্য কৰিছে নগাঁৱৰ উচ্ছেদৰ সন্মুখীন হ’ব লগা মিঞা লোকসকলে৷ কংগ্রেছৰ বাবেই বিজেপিয়ে মিঞাক উচ্ছেদ কৰিছে বুলি উচ্ছেদিতই অভিযোগ কৰিছে৷

আনহাতে, আজি মুখ্যমন্ত্রী ড০ শর্মাই বদৰুদ্দিন আজমলৰ একাংশ বক্তব্যক লৈও প্রতিক্রিয়া প্রকাশ কৰে৷ মুখ্যমন্ত্রীৰ মন্তব্য– আজমলে যি কৈছে কৈ থাকক৷ মোক যে ভোট দিছে, সেয়ে তেওঁলোকে মোৰ পৰা আশা কৰে যে বিদেশীক অসমৰ খেদিব লাগে, সন্দেহযুক্ত মিঞাক কষ্ট দিব, মহিলা উদ্যমিতা আঁচনি ৰূপায়ণ কৰিব৷ গতিকে মই মোৰ কামখিনি কৰিব লাগিব৷ উল্লেখ্য যে শেহতীয়াকৈ বদৰুদ্দিন আজমলে ৰাজ্যত চলা উচ্ছেদৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হিটলাৰ বুলি আখ্যা দিছিল৷

You might also like