নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুচোৰৰ বিৰুদ্ধে দৌলাশাল আৰক্ষীৰ সফল অভিযান

নিয়মীয়া বাৰ্তা, দৌলাশাল, ২৩ নৱেম্বৰ : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে দুটাকৈ গৰুচোৰ। ৪৮ ঘণ্টাৰ ভিতৰত গৰুচুৰিৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে দুজনকৈ লোকক। উদ্ধাৰ কৰা হৈছে দুটাকৈ চুৰিগৰু। ধৃত চোৰ দুটা হাকিম আলী (৩৫) আৰু ফুলচান আলী (৩৮) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, যোৱা ২০ নৱেম্বৰৰ নিশা দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত লচিমা গাঁৱৰ ৰাইজুদ্দিন আহমেদ নামৰ এগৰাকী ব্যক্তিৰ গোহালিৰ পৰা চুৰি হৈছিল এটা গাইগৰু আৰু এটি দামুৰী। গৰু চুৰি সম্পৰ্কত গৰুৰ গৰাকীয়ে দৌলাশাল আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত মুকালমুৱা থানাত ২৫২/২৫ নম্বৰত গোচৰ আৰু বিএনএছ আইনৰ ৩২৯(৩)/৩০৫/৩১৭(২)/৩(৫) ধাৰাৰ অধীনত ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি কমল বণিয়াই গোপন খবৰৰ ভিত্তিত প্ৰথমতে মুকালমুৱা থানাৰ অন্তৰ্গত তথা দৌলাশাল আৰক্ষী চকীৰ অধীনৰ ঘোঁৰাথাল গাঁৱৰ প্ৰয়াত মক্কৰ আলীৰ পুত্ৰ হাকিম আলীক আটক কৰে। ধৃত হাকিম আলীয়ে এএছ-১৪ এচি-২৪৮৫ নম্বৰৰ মালবাহী বাহনখনেৰে চুৰি গৰু দুটা কঢ়িয়াই নি প্ৰয়াত আজাহাৰ আলীৰ পুত্ৰ ফুলচান আলীৰ ওচৰত বিক্ৰী কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

কালি নিশা দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি কমল বণিয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই ফুলচান আলীৰ ঘৰৰ পৰা চুৰি হোৱা গৰু দুটা উদ্ধাৰ কৰাৰ লগতে ফুলচান আলীকো আটক কৰে। চুৰি গৰু কঢ়িওৱা এ এছ-১৪ এ চি-২৪৮৫ নম্বৰৰ বাহনখনো দৌলাশাল আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে। ধৃত হাকিম আলী আৰু ফুলচান আলীক আজি নলবাৰী আদালতত হাজিৰ কৰায় বুলি জানিবলৈ দিয়ে গোচৰটোৰ তদন্তকাৰী বিষয়াই। ৪৮ ঘণ্টাৰ ভিতৰতে চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে দুটাকৈ চোৰক গ্ৰেপ্তাৰ কৰাত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি কমল বণিয়াক ধন্যবাদ জ্ঞাপন কৰে সচেতন মহলে।

You might also like