বিশেষ বাৰ্তা, মাজুলী, ২৩ নৱেম্বৰ : মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম প্ৰায় ডেৰ বছৰে বন্ধ হৈ আছে। পূৰ্বৰ কোম্পানীয়ে দলংখনৰ নিৰ্মাণৰ কাম এৰি দিয়াৰ পাছৰে পৰা মৰিশালিসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে দলং নিৰ্মাণস্থলীত। কেৱল অৰ্ধনিৰ্মিত খুঁটাকেইটা থিয় হৈ আছে। ইতিমধ্যে প্ৰায় ত্ৰিশ শতাংশ কামৰ অগ্ৰগতি লাভ কৰাৰ পাছতেই নিৰ্মীয়মাণ কোম্পানীৰ খামখেয়ালিৰ বাবেই নিৰ্মাণৰ কাম বন্ধ হৈ পৰিছিল। পুনৰ এছ পি ছিংলা নামৰ নতুন এটি কোম্পানীয়ে নিবিদা লাভ কৰিছিল মাজুলী-যোৰহাট সংযোগী দলংখনৰ।ইতিমধ্যে দলংখনৰ ৱক অৰ্ডাৰ লাভ কৰা কোম্পানীয়ে মাজুলী-যোৰহাট সংযোগী দলঙৰ কামৰ লগতে চাৰিলেনযুক্ত পথৰ কাম আৰম্ভ কৰিব বুলি মাজুলীত আজি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অসম মণ্ডলৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে সংবাদ মাধ্যমৰ ওচৰত উল্লেখ কৰে।
বিষয়াগৰাকীয়ে লগতে কয়- মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত মাজুলীবাসীৰ বহু আকাংক্ষিত যোৰহাট-মাজুলী সংযোগী দলং আৰু পথছোৱা নিৰ্মাণৰ যাৱতীয় সকলো কাম হৈ গৈছে। মুখ্য অভিযন্তা দেৱজিৎ দাসে সদৰী কৰা মতে, অহা ডিচেম্বৰ মাহৰ পৰা দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হ’ব। এই নিৰ্মাণকাৰ্যত ক্লজ ৪.৪ মতে কোনোধৰণৰ উপ-ঠিকাদাৰ নাথাকিব। দলং নিৰ্মাণৰ সমান্তৰালভাৱে দুয়োপাৰ সংযোগী পথৰ নিৰ্মাণো হ’ব। দলং নিৰ্মাণৰ ক্ষেত্ৰত থকা কেতবোৰ কাৰিকৰী দিশ চোৱাচিতা কৰি ঠিক-থাক কৰিবলৈ তেওঁ নিজেই দলংথলীলৈ অহা বুলি ব্যক্ত কৰে।
ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে কয়- মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তেওঁ কামৰ খতিয়ান নিৰীক্ষণ কৰিবলৈ আহিছে৷ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব দলংখনৰ লগতে ১৯ কিঃমিঃ দলং সংযোগী ঘাইপথৰ৷ দলঙৰ কাম ইতিমধ্যে ত্ৰিশ শতাংশ সম্পূৰ্ণ হ’ল আৰু বাকী থকা সত্তৰ শতাংশ কাম দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। ৬.৮১ কি:মি: দৈৰ্ঘ্যৰ দলংখন পুনৰ নিৰ্মাণৰ বাবে ৯ শতাংশ বৃদ্ধি কৰি ৯.৫৯ কোটি টকা আৰু পথৰ বাবে ১.৯৪ কোটি টকাৰ অনুমোদন হোৱা বুলি ব্যক্ত কৰে। পথটো যোৰহাটৰ দিশে ৭ কি:মি: আৰু মাজুলীত ১২ কি:মি:।