নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপে খোঁটা ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সলনি নগৰবেৰা বজাৰৰ মাজতে চলিল জৰা-ফুঁকা

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৫ নৱেম্বৰ : একবিংশ শতিকাতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত একাংশ গ্ৰামাঞ্চল | বজাৰৰ মাজমজিয়াত দিন-দুপৰতে চলিল বেজ-বেজালিৰ চমক।

চিকিৎসা বিজ্ঞানক চূড়ান্ত ভেঙুচালিৰে সাপে খোঁটা ৰোগীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নগৰবেৰা বজাৰৰ মাজমজিয়াতে চলাইছে জৰা-ফুঁকা | বিষাক্ত সৰ্প দংশনৰ পাছতো পুৰণিকলীয়া পদ্ধতিৰে জৰা-ফুঁকাৰে ৰোগীক সুস্থ কৰাৰ ধৃষ্টতা এগৰাকী বেজৰ |

উল্লেখ্য় যে মঙলবাৰে দুপৰীয়া ধান কাটি থকা অৱস্থাত বৰপেটাৰ কাছুমাৰা মৈৰাদিয়াৰ ইনামূল হক নামৰ লোকজনক সাপে খোঁটে | ভৰিত কামোৰা মাত্ৰেই কলাফুলৰ ওপৰত কাপোৰেৰে বান্ধি লৈ ৰোগীৰ আত্মসমৰ্পণ তথাকথিত বেজৰ ওচৰত। তাৰ পাছৰে পৰাই একেগাঁৱৰে ৰহমত আলী নামৰ বেজগৰাকীয়ে উপৰ্যুপৰি হাতেৰে মোহাৰি, মুখেৰে ফুঁৱাই ৰোগীক সুস্থ কৰাৰ চেষ্টা অব্যাহত ৰাখে |

নগৰবেৰা বজাৰৰ মাজমজিয়াত দেখা গ’ল এই আজব কাণ্ড। সাপে খোঁটা ৰোগীক লৈ এইধৰণৰ বহুৱালিয়ে নিঃসন্দেহে উদঙাই দিছে একাংশ গ্ৰামাঞ্চলত বেজ-বেজালিৰ অতপালি।

You might also like