অৰুণাচল চীনৰ ! ভাৰতীয় যুৱতীক হাৰাশাস্তি চাংহাইত
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : অৰুণাচল ভাৰতৰ নহয়, চীনৰ অংশ৷– দীর্ঘদিন ধৰি এই দাবী কৰি আহিছে চুবুৰীয়া ৰাষ্ট্র চীনে ৷ একেটা অদ্ভুত যুক্তিকে হাথিয়াৰ কৰি লৈ এগৰাকী ভাৰতীয় যুৱতীক হাৰাশাস্তি কৰে চাংহাই বিমানবন্দৰ কর্তৃপক্ষই৷ অৰুণাচল প্রদেশৰ বাসিন্দা যুৱতীগৰাকীক দীর্ঘ সময় ধৰি আবদ্ধ কৰি ৰাখে বিমানবন্দৰ কর্তৃপক্ষই৷ বিমানবন্দৰ কর্তৃপক্ষৰ দাবী– অৰুণাচল প্রদেশ ভাৰতবর্ষৰ নহয়, চীনৰহে অংশ৷ এই যুক্তিৰে যুৱতীগৰাকীৰ ভাৰতীয় পাছপ’ৰ্টখনক অবৈধ বুলি আখ্যা দি নস্যাৎ কৰাৰ চেষ্টা কৰে বিমানবন্দৰ কর্তৃপক্ষই৷ যুৱতীগৰাকীৰ নাম পেমা ৱাংজাম থংডোক৷ লণ্ডনৰ পৰা জাপান অভিমুখী বিমানত যাত্রা কৰিছিল যুৱতীগৰাকীয়ে৷
অৰুণাচল প্রদেশত জন্মগ্রহণ কৰা পেমা সম্প্রতি ব্রিটেইনৰ বাসিন্দা৷ কিন্তু তেওঁ ভাৰতৰ নাগৰিক হৈয়ে আছে৷ ভাৰতীয় পাছপ’ৰ্ট লৈয়েই জাপান অভিমুখী বিমানত উঠিছিল যুৱতীগৰাকী৷ যাত্রাপথত ৩ ঘণ্টাৰ বাবে চাংহাইৰ পুডং এয়াৰপ’ৰ্টত অৱতৰণ কৰে বিমানখনে৷ সেই সময়তেই হাৰাশাস্তিৰ চিকাৰ হয় ভাৰতীয় যুৱতীগৰাকী৷ বিমানবন্দৰ কর্তৃপক্ষই যুৱতীগৰাকীক জনায় যে যিহেতু পাছপ’ৰ্টখনত তেওঁৰ জন্মস্থান অৰুণাচল প্রদেশ বুলি উল্লেখ কৰা আছে সেইবাবে এই ভাৰতীয় পাছপ’ৰ্টখন বৈধ নহয়৷ কাৰণ অৰুণাচল প্রদেশ ভাৰতৰ নহয়, চীনৰহে অংশ৷ এই যুক্তিৰে পেমাৰ পাছপ’ৰ্টখন জব্দ কৰে বিমানবন্দৰ কর্তৃপক্ষই৷ সুদীর্ঘ ১৮ ঘণ্টা ধৰি যুৱতীগৰাকীক আটক কৰি ৰখা হয় বিমানবন্দৰত৷ তেওঁক জাপান অভিমুখী বিমানত উঠাৰ অনুমতি দিয়াতো দূৰৰে কথা, বিমানবন্দৰৰ ভিতৰতো চলা–ফুৰাত বাধা আৰোপ কৰা হয়৷ আনকি খোৱা–বোৱাও কৰিবলৈ দিয়া নহ’ল৷ চাংহাইৰ পৰা আন ঠাইলৈ যোৱাৰ টিকট কাটিবলৈও অনুমতি নিদিলে৷ অৱশেষত চাংহাইৰ ভাৰতীয় দূতাৱাসৰ সৈতে যোগাযোগ কৰি পেমাই চাংহাইৰ পৰা উভতি আহে৷ এই ঘটনাৰ বিৱৰণ দি তেওঁ প্রধানমন্ত্রীলৈ পত্র লিখে৷ তেওঁৰ অনুৰোধ– এই বিষয়টোক লৈ বেইজিঙৰ বিষয়াবর্গৰ পৰা উত্তৰ বিচাৰক ভাৰতে৷