নিয়মীয়া বাৰ্তা, পাঠশালা, ২৫ নৱেম্বৰ : সাংবাদিকক টেলিফোনযোগে ভাবুকি দিয়া প্ৰাক্তন ৰাজপত্ৰিত বিষয়া হিতেশ দেৱ শৰ্মা আজি উপস্থিত হয় পাঠশালা থানাত৷
উল্লেখ্য যে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ নিকাচিত জে’লৰ বাহিৰত সংঘটিত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত বাতৰি কৰাৰ ক্ষেত্ৰত উক্ত ঘটনাৰে জড়িত আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মাই ফোনযোগে বজালীৰ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ পৰিয়ালক ভাবুকি দিয়াৰ পিছতে ঘটনা সন্দৰ্ভত ৰাণা ডেকাই গোচৰ তৰিছিল পাঠশালা থানাত৷
এই গোচৰৰ ভিত্তিত দুদিন পূৰ্বে হিতেশ দেৱ শৰ্মাৰ গুৱাহাটীৰ বাসগৃহত পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা বজালী আৰক্ষীৰ DSP মৃগাক্ষী দাসৰ নেতৃত্বত আৰক্ষীৰ দলে চমন জাৰি কৰি প্ৰাক্তন আমোলাগৰাকীক পাঠশালা থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷ ইয়াৰ পিছতে আজি তেওঁ হাজিৰ হোৱাত তদন্তকাৰী বিষয়া মৃগাক্ষী দাসে সোধা-পোছা অব্যাহত ৰাখিছে৷ ইতিমধ্যে পাঠশালা থানাত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে৷