নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ নামতিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : শিৱসাগৰৰ নামতিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নামতি চাৰিআলিত তিনি ড্ৰাগছ সৰবৰাহকাৰীসহ হেৰ’ইনখিনি জব্দ কৰে।

নাজিৰা সম-জিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাইৰ সবল নেতৃত্বত নাজিৰা আৰু নামতি আৰক্ষীৰ সহযোগত আমগুৰি দিশৰ পৰা আহি থকা এখন টয়টা গ্লেঞ্জা বাহনত নামতি চাৰিআলিত চলোৱা তালাচীত ধৰা পৰে বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS-03 AK-2942।

টয়টা গ্লেঞ্জা বাহনখনৰ গোপন স্থানত লুকুৱাই আনিছিল ১৯টা কন্টেনাৰত হেৰ’ইনখিনি। বাহনখনত সন্দেহজনক হেৰ’ইন কঢ়িয়াই অনা তিনি যুৱক ক্ৰমে সন্দীপ সিং, ৰবীন্দ্ৰ সিং আৰু অমৃত কৰ্মকাৰক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা নগদ ধন আৰু তিনিটাকৈ মোবাইল জব্দ কৰে।

You might also like