নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম লেখিকা সমাৰোহ সমিতি ডুমডুমা শাখাৰ মাহেকীয়া বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা, ডুমডুমা, ২৭ নৱেম্বৰ : সদৌ অসম লেখিকা সমাৰোহ সমিতি, ডুমডুমা শাখাৰ মাহেকীয়া বৈঠকখন ২৪ নৱেম্বৰত ৰূপাইস্থিত নিজা ভৱনত অনুষ্ঠিত হয় । শাখাৰ সম্পাদিকা ৰঞ্জিতা গগৈ বৰুৱাই আঁত ধৰা বৈঠকত আমন্ত্ৰিত অতিথি হিচাপে ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ শিৱজিৎ দত্তই উপস্থিত থাকি কবিতাৰ ওপৰত বৰ সুন্দৰকৈ সৃষ্টিমূলক বক্তব্য আগবঢ়াই সকলোকে আপ্লুত কৰে। তেওঁ জোনাকী যুগৰ পৰা আৰম্ভ কৰি শংকৰদেৱ, মাধৱদেৱৰ লগতে হীৰেন ভট্টাচাৰ্য, কিটচ আদি সকলোৰে কবিতাৰ কিছু কিছু সাৱলীল বৰ্ণনা দি  বিভিন্ন কথাৰে সদস্যাসকলক উপকৃত কৰে।

এই বৈঠকত উপস্থিত থকাৰ বাবে শাখাই অধ্যাপক দত্তক এটি স্মাৰকৰ লগতে এখনি ফুলাম গামোচা আৰু এটি কিতাপৰ টোপোলা আগবঢ়ায় । শাখাৰ সভানেত্ৰী দিব্যলতা ডেকাই সভাপতিত্ব কৰা সভাখনিত শিৱজিৎ দত্তই তেওঁৰ পুৰস্কাৰপ্ৰাপ্ত এটি স্বৰচিত কবিতাৰে তেওঁৰ বক্তব্য সামৰে । সভাত সদস্যা কাকলি দেৱী বৰুৱাই এটি গীত আৰু সদস্যা ৰেখা গগৈয়ে এটি কবিতা পাঠ কৰে । শাখাৰ সদস্যাসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি অসম সংগীতেৰে সামৰণি পৰে ।

You might also like