নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডব্লিউটিচিৰ পইণ্ট তালিকাত পঞ্চম স্থানলৈ অৱনমিত ভাৰত…

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : গুৱাহাটীত লজ্জাৰ পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত অৱনমন হ’ল টীম ইণ্ডিয়া৷ পইণ্ট তালিকাত বর্তমান টীম ইণ্ডিয়াৰ স্থান হ’ল চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰ তলত৷

গুৱাহাটীত ৪০৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হোৱা ভাৰতীয় দলটো ডব্লিউটিচিৰ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ অৱনমিত হয়৷ বর্তমান ভাৰতৰ শতাংশ পইণ্ট হ’ল ৪৮.১৪৷ ইপিনে, পাকিস্তানৰ শতাংশ পইণ্ট হ’ল ৫০৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত প্রথমখন টেষ্টত পৰাজয়ৰ পাছত চতুর্থ স্থানলৈ অৱনমিত হোৱা ভাৰতীয় দলটোৱে গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন টেষ্টত পৰাজয়ৰ পিছত পঞ্চম স্থানলৈ অৱনমিত হয়৷

ইপিনে, টীম ইণ্ডিয়াক হোৱাইট ৱাশ্ব কৰি দক্ষিণ আফ্রিকাই দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ দলটোৱে চাৰিখন টেষ্ট খেলি তিনিখনত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাস্ত হৈছে৷ বর্তমান প্রটিয়াজ বাহিনীৰ শতাংশ পইণ্ট হ’ল ৭৫৷ শীর্ষত আছে অষ্ট্রেলিয়া৷ চাৰিখন টেষ্টৰ চাৰিওখনতে জয়লাভ কৰা অষ্ট্রেলিয়াৰ শতাংশ পইণ্ট হ’ল ১০০৷ শতাংশ ৬৬.৬৭ পইণ্টেৰে শ্রীলংকাই তৃতীয় স্থানত আছে৷

You might also like