বিশেষ বাৰ্তা, যোৰহাট, ২৭ নৱেম্বৰ : সাম্প্ৰতিক সময়ত বিজ্ঞান-প্ৰযুক্তিয়ে উচ্চ শিখৰত আৰোহণ কৰাৰ পিছতো বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানৰ শৰণাপন্ন হ’ল যোৰহাটৰ বন বিভাগ। আজি পুৱতি নিশা যোৰহাটত মালৌ আলিৰ ভোগদৈ দলঙৰ ওপৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ। বাঘটোৱে দলংখনৰ ওপৰত মুক্তভাৱে কিছু সময় বিচৰণ কৰাৰ পিছত সমীপৰ হাবিলৈ গুচি যায়। মোবাইল ফোনৰ কেমেৰাত ঢেঁকীয়াপতীয়া বাঘৰ দৃশ্য বন্দী হোৱাৰ পিছত আজি পুৱা বিয়পি পৰাত হাহাকাৰ লাগে মালৌ আলি অঞ্চলত।
এই সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে যোৰহাট জিলা বন বিভাগক। বন বিভাগে খবৰ পোৱাৰ পিছতেই বন আঞ্চলিক বিষয়াগৰাকীৰ নেতৃত্বত অঞ্চলটোত চলে বাঘৰ সন্ধানত অভিযান। কিন্তু সচৰাচৰ বাঘৰ বিচৰণৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে পিঞ্জৰা স্থাপন কৰাৰ লগতে বাঘটোক কৰায়ত্ত কৰিবৰ বাবে কেতিয়াবা ট্ৰেংকুলাইজো কৰে। কিন্তু যোৰহাট বন বিভাগে এইবাৰ বাঘ ধৰিবলৈ লৈ গ’ল ধূপ-চাকি। যোৰহাট জিলা বন বিভাগৰ দলটোৱে ঢেঁকীয়াপতীয়া বাঘৰ খোজ অৱশেষত বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু সেই খোজত দলটোৱে ধূপ-চাকি জ্বলাই প্ৰাৰ্থনাহে কৰে। বন বিভাগৰ দলটোৱে বাঘৰ ভৰিৰ খোজত ধূপ-চাকি জ্বলাই বাঘে যাতে কাৰো একো অপকাৰ নকৰে, তাৰ বাবে প্ৰাৰ্থনা জনায়। দলটোৱে বাঘৰ ভৰিৰ খোজত প্ৰাৰ্থনা জনাই কয়- ‘হে ভগৱান, বাঘ দেৱতা নেদেখা বস্তু, আমাতকৈ তেওঁলোক অধিক শক্তিশালী। সেয়ে বাঘ দেৱতাই যাতে কাৰো অপকাৰ নকৰে, এই নিমিত্তে ভগৱানৰ ওচৰত কাতৰ মিনতি জনালোঁ।’ বন বিভাগৰ এনে কাণ্ডই সকলোৰে মাজত হাঁহিৰ খোৰাক যোগায়।
উল্লেখ্য যে যোৰহাটৰ বিভিন্ন স্থানত বাঘ আৰু হাতীৰ সন্ত্ৰাস অব্যাহত আছে। কিন্তু এই সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। বাঘ আৰু হাতীৰ সন্ত্ৰাস ৰোধ কৰিব নোৱাৰি যোৰহাট জিলা বন বিভাগ ভগৱানৰ শৰণাপন্ন হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।