ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়াত নতুন ৰেকৰ্ডৰ সুযোগ ৰোহিত শর্মা-ৰ
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ এদিনীয়া ছিৰিজৰ প্ৰথমখন কাইলৈ অর্থাৎ দেওবাৰ, ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব। এই মেচত প্ৰাক্তন ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই এটা নতুন বিশ্ব ৰেকৰ্ড গঢ়াৰ সুযোগ পাব।
ইয়াৰ ভিতৰতে ৰোহিত শর্মাই যদি প্ৰথম এদিনীয়াত তিনিটা ছিক্সাৰ মাৰিবলৈ সক্ষম হয়, তেন্তে তেওঁ এই ফৰ্মেটত সৰ্বাধিক ছিক্সাৰৰ গৰাকী হ’ব।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম মেচত ৰোহিত শর্মাৰ সুযোগ আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীকো পিছ পেলাই যোৱাৰ। ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া প্ৰথম এদিনীয়াত ৰোহিতে যদি তিনিটা ছিক্স মাৰিবলৈ সক্ষম হয়, তেন্তে তেওঁ আফ্ৰিদীকো চেৰাই ‘ছিক্সাৰ কিং’ হিচাপে ৰেকৰ্ড গঢ়িব।
ৰোহিত শর্মাই ২০০৭ চনত অভিষেকৰ পৰা এতিয়ালৈকে ২৭৬খন এদিনীয়াত ৩৪৯টা ছিক্স মাৰিছে। এই সময়ছোৱাত ৰোহিতে ৪৯.২২ গড় বজাই ১১,৩৭০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটৰ পৰা ৩৩টা শতক, ৫৯টা অর্ধশতক আহিছে।
অন্যফালে, প্ৰাক্তন অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদীয়ে ৩৯৮খন মেচত ৩৫১টা ছিক্স মাৰিছে। আফ্ৰিদীয়ে ২৩.৫৭ গড় বজাই ৮,০৬৪ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ বেটৰ পৰা ৬টা শতক, ৩৯টা অর্ধশতক আহিছে।
উল্লেখ্য যে টীম ইণ্ডিয়াই ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈকে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেলিব। প্ৰথম মেচ ৰাঁচীত, দ্বিতীয় মেচ ৩ ডিচেম্বৰত ৰায়পুৰত আৰু তৃতীয় মেচ ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।
নিয়মিত অধিনায়ক শুভমন গিল আঘাতৰ কাৰণে এই ছিৰিজৰ পৰা বাহিৰ আছে। তেওঁৰ ঠাইত উইকেটকীপাৰ-বেটছমেন কে. এল. ৰাহুলক অধিনায়কত্ব দিয়া হৈছে।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া ছিৰিজৰ বাবে ভাৰতীয় দল
ৰোহিত শর্মা, বিৰাট কোহলি, যশস্বী জয়ছোৱাল, তিলক বার্মা, কে. এল. ৰাহুল (অধিনায়ক আৰু উইকেটকীপাৰ), ঋষভ পণ্ট (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰৱীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, ঋতুৰাজ গাইকোৱাড, হৰ্ষিত ৰাণা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), প্ৰসিদ্ধ কৃষ্ণ আৰু অৰ্শ্বদীপ সিং।
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ